হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১ জুন : লক ডাউনৰ ফলত খাদ্য সংকটত ভোগা দৰিদ্ৰ পৰিয়ালৰ লোক সকলক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে যদিও এই আঁচনি সমূহৰ পৰা বহু লোক বঞ্চিত হৈ থকাৰ কথা বিভিন্ন সময়ত পোহৰলৈ আহিছে। সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ কংগ্ৰেছ কৰ্মীয়ে চৰকাৰী আঁচনি সমূহ সঠিক ভাবে পৰিচালনা কৰিবলৈ খণ্ড উন্নয়ন বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বিশ্বব্যাপী কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে দেশত যোৱা ২৪ মাৰ্চৰ পৰা অব্যাহত আছে লক ডাউন। লক ডাউনৰ ফলত কৰ্মহীন হৈ পৰা সমাজৰ দুখীয়া শ্ৰেণীৰ ৰাইজক সকাহ প্ৰদান কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও এই আঁচনি সমূহে বহু লোকক ঢুকি পোৱা নাই। চৰকাৰে দুখীয়া শ্ৰেণীৰ লোকক খাদ্য সামগ্ৰী বিতৰণৰ লগতে ৰেচন কাৰ্ড নথকা পৰিয়ালৰ লোক সকলক গাঁও পঞ্চায়তৰ যোগেদি এহেজাৰ টকাকৈ প্ৰদান কৰিছে। কৃষক সকলক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিকে ধৰি অন্যান্য কিছুমান আঁচনিৰ জৰিয়তে সংকটৰ এই সময়ত উদ্ধাৰ কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে চৰকাৰে। চৰকাৰৰ এই আঁচনি সমূহৰ ভিতৰত কিছুমান আঁচনিৰ ক্ষেত্ৰত বিভিন্ন সময়ত খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। আঁচনি সমূহৰ খেলিমেলি হোৱাৰ ফলত বহু দুখীয়া লোক বঞ্চিত হ’ব লগা হৈছে এই আঁচনি সমূহৰ সুবিধাৰ পৰা। মহামাৰী কৰ’ণা ভাইৰাছৰ সংকটৰ সময়ত চৰকাৰে দুখীয়া ৰাইজৰ বাবে প্ৰদান কৰা আঁচনি সমূহ যাতে সঠিক ভাবে পৰিচালনা হয় ইয়াৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ কংগ্ৰেছ কৰ্মীয়ে খণ্ড উন্নয়ন বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

কংগ্ৰেছ দলে চৰকাৰী আঁচনি সমূহত সংঘটিত হোৱা খেলিমেলিৰ উচিত তদন্তৰ লগতে বঞ্চিত হিতাধিকাৰীক সাহায্য প্ৰদান কৰাৰ দাবীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মণ্ডল কংগ্ৰেছ কৰ্মী সকলেও ফেকামাৰী খণ্ড উন্নয়ন বিষয়াক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰ প্ৰদানৰ সময়তখণ্ড উন্নয়ন বিষয়া কার্যলায়ত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা মানকাচৰ বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ লগতে জিলাখনৰ বহু কংগ্ৰেছ কৰ্মী।