সৰভোগ, সংবাদ ৩৬৫, ৬ জুলাইঃ পৰিৱৰ্তনকামী চৰকাৰৰ অপৰিৱৰ্তনকামী ব্যৱস্থা। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগৰ পুঠিমাৰিত পথ অৱৰোধ। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে বিভিন্ন ধৰণৰ শ্লোগান তথা কাৰ্যপন্থা হাতত লৈছে সেই সময়তে সৰভোগ-কমাৰগাঁও গড়কাপ্তানি পথ অবৈধ শিল-বালি মাল বহনকাৰী ডাম্পাৰৰ বাবেই হৈ পৰিছে জৰাজীৰ্ণ পুখুৰীসদৃশ। তেনে ক্ষেত্ৰত গড়কাপ্তানি বিভাগ বা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বৃহত্তৰ কমাৰগাঁওৰ মহিলাই শুক্ৰবাৰে ৰাজপথত ওলাই আহি বিভিন্ন ধৰণৰ শ্লোগান দি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অনতিপলমে এই পথটো মেৰামতি কৰাৰ দাবী জনায় বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।