গুৱাহাটী, সংবাদ ৩৬৫, ১৩ জানুৱাৰী : তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ হৈ ৰূপৰ পদক লাভ কৰিলে হৃদয় হাজৰিকাই। ২১ বছৰ অনুৰ্ধ্বৰ শাখাত ১০ মিটাৰ শ্বুটিঙত ৰূপৰ পদক লাভ কৰে হৃদয়ে। অসমৰ খেলুৱৈ গৰাকীয়ে ২৪৭.৫ পইণ্ট লাভ কৰি হৃদয় দ্বিতীয় স্থানত থাকে।

খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমৰ বাবে ৰূপৰ পদক লাভ কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে হৃদয় হাজৰিকাই। হৃদয় সোমবাৰে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত ২১ বছৰ অনুৰ্ধ্বৰ শাখাত ১০ মিটাৰ শ্বুটিঙত মুঠ ২৪৭.৫ পইণ্ট লাভ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মহানগৰীৰ কাহিলীপাৰা শ্বুটিঙত ৰঞ্জিত অনুষ্ঠিত হোৱা খেলখনত ২৪৯.৪ পইণ্ট লাভ কৰি স্বৰ্ণপদক জিকিবলৈ সক্ষম হয় গুজৰাটৰ খেলুৱৈ আৰু তৃতীয় স্থানত থাকে মহাৰাষ্ট্ৰৰ খেলুৱৈ। আনহাতে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত মহিলাৰ ২১ বছৰ অনুৰ্ধ্বৰ ফুটবল খেলত অসমৰ মহিলা দলটোৱে দুৰ্দন্ত প্ৰদৰ্শন দাঙিধৰি পাঞ্জাৱৰ দলটোক ৯-০ ব্যৱধানত পৰাস্ত কৰে।

ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যহত থকাৰ মাজতে শুকুৰবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হয় তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছ। প্ৰথম দিনাই তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত ৰিডমিক জিমনাষ্টিকৰ ১৭ বছৰ অনুৰ্ধ্বৰ শাখাত উপাসা তালুকদাৰে অসমৰ বাবে প্ৰথমটো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। খেলৰ তৃতীয় দিনা পূজা বসুমতাৰীয়ে ছোৱালীৰ ১৭ বছৰ অনুৰ্ধ্বৰ ৫৭ কেজিৰ শাখাত প্ৰথটো স্বৰ্ণপদক লাভ কৰি অসমলৈ গৌৰৱৰ কঢ়িয়াই আনিছিল।