গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জানুৱাৰী : খেলো ইণ্ডিয়া য়ুথ গেইমছত মঙলবাৰে মুঠ ১০৭টা পদক লাভ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছে মহাৰাষ্ট্ৰই। সোমবাৰে তালিকাৰ শীৰ্ষত থকা হাৰিয়ানাৰ মঙলবাৰে দ্বিতীয় স্থানলৈ অৱনতি ঘটে। তালিকাত দিল্লীৰ স্থান তৃতীয়। পদকৰ তালিকাত অসম আছে ১৭ নম্বৰত।

তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছৰ মঙলবাৰৰ দিনটোৰ খেলৰ অন্তত পদক তালিকাত শীর্ষস্থান দখল কৰিছে মহাৰাষ্ট্ৰই। সোমবাৰে তালিকাৰ দ্বিতীয় স্থানত থকা মহাৰাষ্ট্ৰক মঙলবাৰে পুনৰ শীর্ষ স্থানলৈ উন্নত কৰিবলৈ সক্ষম হ’ল ৰাজ্যখনৰ খেলুৱৈ সকলৰ উন্নত প্ৰদৰ্শনে। খেলো ইণ্ডিয়া য়ুথ গেইমছৰ মঙলবাৰৰ খেলৰ অন্তত পদকত তালিকাত মহাৰাষ্ট্ৰই ২৬টা স্বৰ্ণ, ৩১টা ৰূপ আৰু ৫০টা ব্ৰঞ্জৰ পদকসহ মুঠ ১০৭টাকৈ পদক লাভ কৰি শীৰ্ষত আছে। পদকৰ তালিকাত দ্বিতীয় স্থানত আছে হাৰিয়ানা। হাৰিয়ানাই ২১টা স্বৰ্ণ, ২২টা ৰূপ আৰু ২৪টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি মুঠ ৬৭টা পদকেৰে দ্বিতীয় স্থানত থকাৰ পৰিবৰতে দিল্লী ১৭টা স্বৰ্ণ, ১০টা ৰূপ আৰু ১৭টাকৈ ব্ৰঞ্জৰ পদকসহ মুঠ ৪৪টা পদক লাভ কৰি তৃতীয় স্থান দখল কৰিছে।

পদকৰ তালিকাত তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছৰ আয়োজক ৰাজ্য অসমৰ স্থান হৈছে ১৭ নম্বৰ। পদকৰ তালিকাত সোমবাৰৰ ১৩ নম্বৰ স্থানত থকা অসমৰ মঙলবাৰৰ স্থান হৈছে ১৭ নম্বৰ। মঙলবাৰৰ খেলৰ অন্তৰলৈকে আয়োজক অসমে লাভ কৰা মুঠ ১৮টাকৈ পদকৰ ভিতৰত আছে ৩টা স্বৰ্ণ, ৭টা ৰূপ আৰু ৮টা ব্ৰঞ্জৰ পদক।