গুৱাহাটী, সংবাদ ৩৬৫, ১২ জানুৱাৰী : খেলো ইণ্ডিয়া য়ুথ গেইমছৰ পদকৰ তালিকাত দেওবাৰেও শীৰ্ষস্থান নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে মহাৰাষ্ট্ৰ। দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমে দিল্লী আৰু উত্তৰ প্ৰদেশ দখল কৰিবলৈ সক্ষম হোৱাৰ পৰিবৰ্তে তালিকাত অসমৰ স্থান ১৮তম।

তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছৰ দেওবাৰৰ দিনটোৰ খেলৰ অন্তত পদক তালিকাত শীর্ষস্থান নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে মহাৰাষ্ট্ৰ। দেওবাৰে মহাৰাষ্ট্ৰৰ খেলুৱৈ সকলৰ উন্নত প্ৰদৰ্শনৰ ফলত মহাৰাষ্ট্ৰই শীর্ষস্থান নিজৰ দখলতে ৰাখিছে। বৰ্তমানলৈকে মহাৰাষ্ট্ৰই তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত ১২টা স্বৰ্ণ, ১৯টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩৮টাকৈ পদক লাভ কৰি শীৰ্ষত আছে। পদকৰ তালিকাত দ্বিতীয় স্থানত আছে দিল্লী। দিল্লীয়ে ৮টা স্বৰ্ণ, ৬টা ৰূপ আৰু ৯টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি মুঠ ২৩টা পদকেৰে দ্বিতীয় স্থানত থকাৰ পৰিবৰতে উত্তৰ প্ৰদেশ ৭টা স্বৰ্ণ, ৩টা ৰূপ আৰু ৬টাকৈ ব্ৰঞ্জৰ পদকসহ মুঠ ১৬টা পদক লাভ কৰি তৃতীয় স্থান দখল কৰিছে।

পদকৰ তালিকাত তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছৰ আয়োজক ৰাজ্য অসমৰ স্থান ১৮তম। আয়োজক অসমে লাভ কৰা মুঠ ৬টাকৈ পদকৰ ভিতৰত আছে ১টা স্বৰ্ণ, ২টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক। দেওবাৰে অসমে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰে। জুডুত ১৭ বছৰ অনুৰ্ধ্বৰ ৫৭ কেজিৰ শাখাত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰে পূজা বসুমতাৰীয়ে। পূজাৰ লগতে জুডুত ১৭ বছৰ অনুৰ্ধ্বৰ ৬৩ কেজিৰ শাখাত ৰূপৰ পদক লাভ কৰে ধৰিত্ৰী সোণোৱালে।