গুৱাহাটী, সংবাদ ৩৬৫, ১৭ অক্টোবৰ: দুৰ্গা পূজাৰ আনন্দ উছাহৰ লগতে ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুস্থিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলৰ বাবে দুপৰীয়া প্ৰায় ১:৩০ বজাত জেট এয়াৰৱেজৰ এক বিশেষ বিমানযোগে আহি গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ লগতে ৱেষ্ট ইণ্ডিজৰ দল। প্ৰিয় তাৰকাজনক চাবলৈ বিমানবন্দৰত হেতা-ওপৰা লাগিছে অনুগামীৰ। দুয়োটি দলৰ বাবে বিশেষ নিৰাপত্তা গঢ়ি তোলা হৈছে বিমানবন্দৰত প্ৰৱেশ কৰা দুয়োখন বিশেষ বাহনত স্নিফাৰ ড’গেৰে ভিতৰে-বাহিৰে তালাচী চলোৱাৰ পিছতহে প্ৰৱেশ কৰিবলৈ দিয়া হয় বাহন দুখনক। আনহাতে অনুস্থিত হ’বলগীয়া উক্ত খেলখনৰ বাবে ইতিমধ্যে যোৱা ১৫ তাৰিখে আহি উপস্থিত হৈছে ৱেষ্ট ইণ্ডিজৰ ৮ জনীয়া খেলুৱৈৰ এটা দল । লগতে বিমানবন্দৰত দুয়োটি দল উপস্থিত লগতে উপস্থিত হয় দুজনকৈ আম্পায়াৰ। দুয়োজনকে বিমানবন্দৰৰ পৰা পোনে পোনে ৰেডিছন ব্লুলৈ লৈ যোৱা হয়। লগতে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে-পোনে দুয়োটি দলক তাৰকা হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয় । অৱশ্যে ভাৰতীয় দলৰ সকলো খেলুৱৈ বুধবাৰে আহি উপস্থিত হোৱা নাই গুৱাহাটীত। বৃহস্পতিবাৰেহে গুৱাহাটী পাবহি ভাৰতীয় দলৰ বাকীকেইজন খেলুৱৈ অধিনায়ক বিৰাট কোহলী, আম্বাটি ৰাইডু,ৰবীন্দ্ৰ যাদেজা,মনিশ পাণ্ডে, য়োজবেন্দ্ৰ সাহাল, ৰোহিত শৰ্মা, শিখৰ ধৱন, ঋষভ পান্ত, উমেশ যাদৱ, কে এল ৰাহুল, কুলদ্বীপ যাদৱ, মহম্মদ ছামিৰৰ লগতে প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু সঞ্জয় বাংগাৰ ।