গুৱাহাটী, সংবাদ ৩৬৫, ১৭ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱলৈ নাতিশীতোষ্ণ পৰিৱেশে।আনি দিছে অনন্য যাত্ৰা। তাৰ মাজতে আজি যাৱতীয় বিধিৰে সম্পন্ন কৰা হয় মহাঅষ্টমী। সমগ্ৰ ৰাজ্যতে দুৰ্গোৎসৱক লৈ উখল মাখল পৰিৱেশৰ লগতে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ সমূহৰ লগতে শক্তিপীঠ কামাখ্যাটো অষ্টমী পূজাক লৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। দেৱীৰ আশীৰ্বাদ বিচাৰি পুৱাৰে পৰা দেশী বিদেশী নিলাচল পাহাৰত হাজাৰ হাজাৰ ভক্তই পূজা অৰ্চনা কৰিবলৈ শক্তিপীঠত ভিৰ কৰা পৰিলক্ষিত হয়। আজি মহাষ্টমী উপলক্ষে শক্তিপীঠ কামাখ্যাত বিজেপিৰ সভাপতি অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈও পূজা আগবঢ়োৱা পৰিলক্ষিত হয়।