নলবাৰী, সংবাদ ৩৬৫, ৩০ আগষ্ট: নলবাৰীৰ মুকালমুৱাৰ ৪ যুৱক ক্ৰমে ৰাহুল আলি,মুজাফৰ আলি, তাৰিকুল ইছলাম, চান্দ মহম্মদ আৰু বক্তিয়াৰ আলিৰ মঙ্গলবাৰে কলিকতাৰ কোলাঘাটত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। যুৱক কেইজনে সমাগত দুৰ্গা পূজা উপলক্ষে বিভিন্ন ধৰণৰ সা- সামগ্ৰী ক্ৰয় কৰি তেওঁলোকৰ নিজ নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰী কৰা উদ্দেশ্যে সোমবাৰে দিঘা দৰ্শনৰ উদ্দেশ্যে মুম্বাই-কলিকতা ৰাষ্ট্ৰীয় ঘাই পথেৰে ইনভা গাড়ীত দিঘা অভিমুখে গৈ থকা অৱস্থাত কোলাঘাটত গেছ পৰিবাহী টেংকাৰ এখনক পিছফালৰ পৰা খুন্দা মাৰে। এই ভয়ংকৰ পথ দুৰ্ঘটনাত মুকালমুৱাৰ ৪ জন যুৱক থিতাতে নিহত হয় আৰু ইনভা গাড়ী চালক জনৰো মৃত্যু হয়। ইনভাৰ আন যাত্ৰী মুকালমুৱাৰ বক্তিয়াৰ আলি ভাগ্যক্ৰমে ৰক্ষা পৰে। বাগনাৰ চৰকাৰী চিকিৎসালয়ত বুধবাৰে দিনৰ ভাগত দুৰ্ঘটনাটোত নিহত চাৰি যুৱকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বৃহস্পতিবাৰে পুৱা বিমানযোগে লৈ অহা হয় বৰঝাৰ বিমানবন্দৰলৈ। বিমানবন্দৰৰ পৰা মৃতদেহ কেইটা লৈ যোৱা হয় নিজ ঘৰ অভিমুখে। যুৱক কেইজনৰ অকাল মৃত্যুত এতিয়া মুকালমুৱাত শোকৰ ছাঁ বিৰাজ কৰিছে।