বাঘবৰ, সংবাদ ৩৬৫, ৩০ আগষ্ট: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মৰাভাজ গাঁৱত বেকী নৈৰ গৰাখহনীয়া সম্প্ৰতি অব্যাহত আছে। যোৱা ২০টা দিনত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়াই গাঁওখনৰ ২০-২৫ পৰিয়ালৰ মাটি ভেটি উটুৱাই লৈ যায়। নৈৰ বুকুত জাহ গল কৃষি প্ৰধান অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি। কান সাৰ নাই জলসম্পদ বিভাগৰ। স্বাধীনতাৰ পূৰ্বৰে মৰাভাজ গাঁওখনত বেকী নৈৰ খহনীয়াই বিধ্বংসী ৰূপ লৈ বৰ্তমান নিচিহ্ন হোৱাৰ পথত। কিন্তু পৰিতাপৰ বিষয় যে গাঁওখনক ৰক্ষা কৰাৰ বাবে আজিকোপতিও কোনো ধৰণৰ গুৰুত্ব নিদিলে পৰিবৰ্তনকামী চৰকাৰখনে। জলসম্পদ বিভাগে গাওবাসীৰ এই দুৰৱস্থাৰ খবৰ নোলোৱা অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। ইপিনে স্থানীয় কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে গাওঁখন ৰক্ষাৰ বাবে তৎকালীন কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভত ফাটি পৰিছে ভূক্তভোগী ৰাইজে।