গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জুলাইঃ গুৱাহাটীৰ হাজি মুছাফিৰ খানাত সমূহীয়া দোৱাৰ পিছত শনিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথটো হজযাত্ৰীৰ দল মদিনালৈ যাত্ৰা কৰিলে। মদিনালৈ যোৱাৰ পূৰ্বে প্ৰথমটো হজযাত্ৰীৰ দলটোক বিদায় দিবলৈ কেইবাশতাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হয় হাজি মুছাতফিৰ খানা আৰু বৰঝাৰ বিমান বন্দৰত। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা এইবাৰ মুঠ ৩৪০০ গৰাকী হজযাত্ৰী মক্কালৈ যাত্ৰা কৰিব। শনিবাৰে প্ৰথটো দলত প্ৰায় ৭০০ হজযাত্ৰী মদিনালৈ উৰা মাৰে। যোৱা বছৰৰ তুলনাত এইবৰ উত্তৰ পূৰ্বাঞ্চলত হজযাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। যোৱা বছৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰায় ৪৪০০ হজযাত্ৰী মদিনালৈ হজ কৰিবলৈ যোৱাৰ বিপৰীতে এইবাৰ ৩৪০০ গৰাকী হজযাত্ৰী হজৰ বাবে মদিনালৈ যাব। সাধাৰণতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমতে হজযাত্ৰীৰ সংখ্যা বেছি হয় যদিও এইবাৰ ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণৰ কাম চলি থকাৰ বাবে অসমৰ হজযাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি থকাৰ বাবে বিভিন্ন নথি-পত্ৰ পৰীক্ষণৰ বাবে ইছলাম ধৰ্মী ৰাইজ এইবাৰ হজলৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে। উত্তৰ পূব হজযাত্ৰী কমিটিৰ ফালৰ পৰা জানিবলৈ পোৱা মতে এইবাৰ প্ৰায় এহাজাৰ হজযাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলৰ প্ৰথমখন বিমান দিনৰ ভাগত মদিনালৈ উৰা মাৰাৰ কথা আছিল যদিও বিমানখন বিলম্বিত হোৱাত নিশা ৭.৪৫ বজাত প্ৰথমখন বিমান অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰীক লৈ মদিনালৈ উৰা মাৰে।