মিৰ্জা, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ: দেওবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে পুঁজিপতিক ভূমি হস্তান্তৰৰ ষড়যন্ত্ৰ বন্ধ কৰক, বিজেপি গ’বেক, বিশ্বাস ঘাটক সৰ্বানন্দ সোনোৱাল গ’বেক আদি ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দক্ষিণ কামৰূপৰ বৰদুৱাৰ ভোলাগাও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ।গুৱাহাটী মহানগৰী সম্প্ৰসাৰণৰ বিৰুদ্ধে লোহাৰঘাট চকত এই প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰে। ৰাভা সংগঠনৰ দাবী নামানিলে চৰকাৰ ভাঙিবলৈ কুন্ঠাবোধ নকৰাৰ হুংকাৰ দি প্ৰতিবাদ সাব্যস্ত কৰে ।