বঙাইগাঁও, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাৰচৰ বজাৰত শনিবাৰে নিশা চোৰে লুটি নিলে প্ৰায় দুই লক্ষাধিক টকাৰ সা-সামগ্ৰী। জানিব পৰা মতে আব্দুল আওৱাল আহমেদ নামৰ ব্যাৱসায়ী এজনৰ দোকানৰ পৰা শনিবাৰে নিশা চোৰে টিনৰ বেৰ কাটি দোকানত সোমাই এটা কম্পিউটাৰ ছেট, ডিজিটেল কেমেৰা সহ প্ৰায় দুই লক্ষাধিক টকাৰ সা-সামগ্ৰী লুটি নিয়ে। ৰাতিপুৱা দোকানী জন দোকানত উপস্থিত হোৱাৰ পিছত চুৰি কাণ্ডৰ ঘটনাটো পোহৰ লৈ আহে। দোকানীজনে ঘটনা সংক্ৰান্তে মেৰেৰচৰ আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এতিয়ালৈকে চোৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। উল্লেখ্য যে বালাৰচৰ বজাৰত প্ৰায়ে চুৰি কাৰ্য্য সংঘটিত হৈ থাকে বুলি ৰাইজে জানিব দিয়ে। এই ঘটনা সংক্ৰান্তে উচিত তদন্ত মূলে চোৰক গ্ৰেপ্তাৰ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনায় ।