সোণাৰি, সংবাদ ৩৬৫, ৮ ছেপ্টেম্বৰ: চৰাইদেউ জিলাৰ সোণাৰিৰ লংপতীয়াৰ লাচিত বৰফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত শনিবাৰে ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ।লংপতীয়াৰ পৰা সাপেখাতী অভিমুখে গৈ থকা তীব্ৰবেগী এ এছ০৪- টি ৬১২০ নম্বৰৰ বাইকৰ খুন্দাত এজন চাইকেল আৰোহী নিহত হয় । নিহত চাইকেল আৰোহী জন ২নং হাতীপুখুৰীৰ অতুল বৰুৱা(৫৮) বুলি চিনাক্ত কৰা হৈছে । মৃত অতুল বৰুৱা পেছাত এজনপাচলি ব্যৱসায়ী আছিল। শনিবাৰেও সাপেখাতীৰ বজাৰৰ পৰা দুই বন্ধু আহি থকা অৱস্থাতে এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। আন জন বন্ধু গুৰুত্বৰ ভাবে আহত হোৱাত ততালিকে চৰাইদেউ ৰজাপুখুৰী অসামৰিক চিকিৎসা লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়ৰ মেডিকেল লৈ প্ৰেৰণ কৰে । সোণাৰি আৰক্ষীয়ে আটক কৰিছে উদণ্ড যুৱক মিণ্টু বুঢ়াগোহাঁইক । উল্লেখযোগ‍্য যে চৰাইদেউ জিলাৰ সোণাৰিত আজি বহু দিনৰ পৰাই উদণ্ড যুৱকে আৰক্ষী থানা , আৰক্ষী সন্মুখতেই দ্রুত বেগত বাইক চলাই বহুতো দূৰ্ঘটনাত বহুতো লোকৰ প্ৰাণ গৈছে । কিন্তু কাণ সাৰ নাই আৰক্ষী প্ৰশাসনৰ ।