গুৱাহাটী, ১১ ডিচেম্বৰঃ গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰা পুনৰ উদ্ধাৰ হৈছে কোটি টকাৰ সোন। দেওবাৰে ৰেল আৰক্ষীয়ে কামৰূপ এক্সপ্ৰেছৰ পৰা নতুন ২ হাজাৰৰ ১ কোটি ৬০ লাখ টকাসহ অমিত কুমাৰ শৰ্মা নামৰ এজন ব্যক্তিক আটক কৰাৰ পিছত আজি পুনৰ ৰেল ষ্টেচনত উদ্ধাৰ হৈছে ১৯ কেজি ওজনৰ সোনৰ বিস্কুট। ৰেল আৰক্ষীয়ে সোমবাৰে গুৱাহাটী ৰেল ষ্টেচনত তালাচী অভিযান চলাই ১৯ কেজি ওজনৰ সোণৰ বিস্কুটসহ এজন পুৰুষ আৰু তিনিগৰাকী মহিলাক আটক কৰে। ৰেল আৰক্ষীয়ে আটক কৰা আটাইকেইজন মিজোৰামৰ ৰাজধানী আইজলৰ পৰা সোনৰ বিস্কুটলৈ আজি পুৱা গুৱাহাটী উপস্থিত হৈছিল। ৰেল আৰক্ষীয়ে তেওঁলোকক শৰাইঘাট এক্সপ্ৰেছৰ জৰিয়তে অসম ত্যাগ কৰাৰ প্ৰস্তুতি কৰি থাকোতে আটক কৰে। ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া মতে উদ্ধাৰ হোৱা সোনখিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটি মান হব আৰু এই সোনখিনিৰ ম্যানমাৰৰ পৰা অনা হৈছিল।