সংবাদ ৩৬৫, ১১ ডিচেম্বৰঃ ৰাহুল গান্ধীক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰাত সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছ কৰ্মীসকলে “মানৱ শৃংখল” অনুষ্ঠান ৰূপায়ন কৰি ৰাহুল গান্ধীক অভিনন্দন জ্ঞাপন কৰে। অসমতো মহানগৰীৰ গুৱাহাটীৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে “মানৱ শৃংখল” অনুষ্ঠান ৰূপায়ন কৰি কংগ্ৰেছ দলৰ নব নিৰ্বাচিত ৰাষ্টীয় সভাপতি ৰাহুল গান্ধীক অভিনন্দন জ্ঞানাক কৰে। নলবাৰীত জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ নেতৃত্বত নলবাৰী ৰাজীৱ ভৱনৰ সম্মুখত এক বৃহৎ “মানৱ শৃংখল” অনুষ্ঠান ৰূপায়ন কৰা হয়। অনুষ্ঠানত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, উপ সভাপতি শৰৎ কলিতা, মুখ্যপাত্ৰ দিব্যজ্যোতি হালৈ, মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী পাপৰি মালাকাৰ, যুৱ কংগ্ৰেছৰ জিলা জিলা সভাপতি ৰিতুল আহমেদ, যুৱ নেতা উদ্দীপন পাটোৱাৰী, বিৰাজ দাসসহ বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে। অনুষ্ঠানত জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে মন্তব্য প্ৰদান কৰি কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দল এক নতুন ৰূপত আগবাঢ়ি আগন্তক লোকসভা নিৰ্বাচনত দেশত কংগ্ৰেছ দলক শাসনত আনিবলৈ সক্ষম হব। নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকাৰে নিজৰ মন্তব্যত কয় যে বৰ্তমান ভাৰতবৰ্ষত বিজেপিয়ে সকলো দিশৰ পৰা সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাইছে। আগন্তক দিনত কংগ্ৰেছ দলৰ বলিষ্ট নেতা তথা নৱ নিৰ্বাচিত সভাপতি ৰাহুল গান্ধীয়ে দেশত শাসন কৰি দেশৰ জনসাধাৰণক সকাহ দিবলৈ সক্ষম হব।