গুৱাহাটী, সংবাদ ৩৬৫, ১১ জুনঃ কাৰ্বি আংলঙ জিলাৰ ডকমকাত গুৱাহাটীৰ দুই যুৱকৰ নৃশংস হত্যাকাণ্ডই অসমকে ধৰি সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে সোমবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি কয় যে চৰকাৰ আৰু প্ৰশাসনৰ ব্যৰ্থতাৰ ফলতে ডকমকাকাণ্ড সংঘটিত হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি গৰাকীয়ে কয় যে প্ৰায় এমাহৰ পৰা বিভিন্ন ছ’চিয়েল মিডিয়াত সোপাধৰাক লৈ ভুৱা বাতৰি প্ৰচাৰ হৈ থকাৰ পিছতো চৰকাৰ আৰু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল যাৰ পৰিণতিত দুজনকৈ শিল্পীয়ে প্ৰাণ হেৰুৱাব লগা হ’ল। কাৰ্বি আংলঙৰ উপায়ুক্ত আৰু চৰকাৰৰ দুজনকৈ মন্ত্ৰীয়ে যুৱক দুজন ডকমকালৈ যোৱাৰ পূৰ্বে অনুমতি ল’ব লাগিছিল বুলি কৰা মন্তব্যক দুৰ্ভাগ্যজনক বুলিও কয় প্ৰদ্যুৎ বৰদলৈয়ে। বৰদলৈয়ে আৰু কয় যে চৰকাৰখনে এফালে ৰাজ্যত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ দাবী কৰে আৰু আনফালে কোনো এখন ঠাইলৈ ফুৰিবলৈ যাবলৈ হলে অনুমতি ল’ব লাগে বুলি কয়। ডকমকাকাণ্ড ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰনখনটো প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি গৰাকীয়ে। ডকমকাকাণ্ডৰ লগত জড়িত থকা লোক সকল অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। ঘটনাটোক লৈ যাতে ৰাজ্যত কোনো ধৰণৰ সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে চৰকাৰক সতৰ্ক হোৱাৰো আহ্বান জনায় প্ৰদ্যুৎ বৰদলৈয়ে।