গোসাঁইগাঁও, সংবাদ ৩৬৫, ২৬ আগষ্ট: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানক অৰিহণা যোগাই গোসাঁইগাঁওৰ কুঞ্জদুৱাত শান্তি নামৰ আত্ম সহায়ক গোটৰ শতাধিক মহিলাই হাতে হাতে ঝাড়ু লৈ দেওবাৰে ওলাই আহে ৰাস্তাৰ ওচৰতে থকা জংঘল সমূহ পৰিষ্কাৰ কৰি চাফ চিকুণকৈ ৰখাৰ উদ্দেশ্যেৰে। কোনো চৰকাৰী আঁচনি তথা চৰকাৰৰ প্রতি আশা নকৰি গোসাঁইগাঁওৰ কুঞ্জদুৱাৰ শান্তি নামৰ আত্ম সহায়ক গোটটোৱে নিজে ওলাই আহি স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰে। এইক্ষেত্ৰত মহিলা সকলক গাৱঁৰ বিশিষ্ট ব্যক্তি সকলে সহায় আগবঢ়ায়। এনে ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰাত স্থানীয় ৰাইজে প্ৰশংসা কৰে মহিলা গোটটোক।