কলগাছিয়া, সংবাদ ৩৬৫, ২৬ আগষ্ট: কলগাছিয়াৰ মনাকছা গাঁওৰ নুৰুল ইছলামৰ পুত্ৰ তৰপ আলী দীর্ঘ দিনৰ পৰাই কেৰেলাত কৰ্মৰত। যোৱা ২১ তাৰিখত অৰ্থাৎ ঈদৰ আগ দিনা তৰপ আলীৰ পেটৰ বিষ হোৱাত কেৰেলাৰ মেডিকেল কলেজ কোজিকদিত ভৰ্ত্তি কৰে। ভৰ্ত্তি কৰাৰ পিছতেই চিকিৎসকে অস্ত্ৰপচাৰ কৰাৰ পৰামৰ্শ দিয়ে। পৰামৰ্শ হিচাপেই অস্ত্ৰপচাৰ কৰাৰ এদিন পিছতেই তৰপ আলীৰ মৃত্যু হয়। তৰপ আলীৰ এই মৃত্যুক সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে। অসম চৰকাৰে এই মৃত্যুৰ তদন্ত কৰি বিহীত ব্যৱস্থা লবৰ বাবে দাবী উত্থাপন কৰিছে পৰিয়াল লোকে। তৰপ আলিৰ মৃত্যু হোৱা ঘটনাই কলগাছিয়াত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে শোকৰ ছা বিৰাজ কৰিছে অঞ্চলটোত। ইফালে, তৰপ আলীৰ মৃতদেহ ঘৰ পোৱাৰ লগে কান্দোনত ভাঙি পৰে আত্মীয় সকলে। আৰু ধৰ্মীয় ৰীতি-নীতি মতে দাফোন কৰা হয়।