মীৰ জিয়াউৰ ৰহমান

গোসাইগাও

২৩ নৱেম্বৰ

গোসাইগাঁৱত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ নৱজাত শিশু। ৰে’ল লাইনৰ কাষত বস্তাৰ ভিতৰত উদ্ধাৰ কন্যা শিশু। আৰপিএফ লোকে কন্যা শিশুটোক উদ্ধাৰ কৰি চিকিৎসলায়লৈ প্ৰেৰণ কৰে। বৰ্তমান সম্পূৰ্ণ সুস্থ শিশুটি।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও হাট ৰে’ল ষ্টেচনৰ সমীপত সোমবাৰে পুৱা উদ্ধাৰ হয় এটি নৱজাত শিশু। গোবিন্দ বৰ্মন নামে এজন স্থানীয় ব্যক্তিয়ে বস্তাৰ ভিতৰত কিবা এটা লৰচৰ কৰি থকা প্ৰত্যক্ষ কৰি ওচৰতে থকা অন্য লোকে সকলক খবৰ দিয়ে। ৰেল লাইনৰ দাঁতিত বস্তাৰ ভিতৰত কিবা এটা লৰচৰ কৰি থকা দেখি সককোৰে মনত অজস্ৰ প্ৰশ্ন জাগে৷ পৰৱৰ্তী সময়তে লোক সকলে ঘটনা সন্দৰ্ভত আৰপিএফ বাহিনীক অৱগত কৰাত আৰপিএফৰ লোক নিৰ্দিষ্ট স্থানত উপস্থিত হৈ বস্তাটো লৰচৰ কৰি থকা প্ৰত্যক্ষ কৰে৷ আৰপিএফৰ লোকে বস্তাটো খুলি বস্তাটোৰ ভিতৰত এটি নৱজাতক কন্যা শিশু উদ্ধাৰ কৰে। আৰপিএফৰ লোকে লগে লগে নৱজাতক শিশুটোক গোসাইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত লৈ আহে৷ চিকিৎসাকে কিছু অসুস্থ অৱস্থাত থকা শিশুটোক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলি আৰু বৰ্তমান শিশুটো সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে।

আৰপিএফ লোকে জানিব দিয়া মতে শিশুটোক ৰেলৰ পৰা পৰি যোৱা অথবা কোনো লোকে শিশুটোক ৰে’লৰ পৰা দলিয়াই পেলাই দিয়া নাই৷ এয়া সম্ভৱত কোনো পাশান প্ৰকৃতিৰ লোকে মুখ লজ্জা ঢাকিবলৈ ৰেল লাইনৰ কাষত এনেদৰে দেৱ শিশুটোক পেলাই থৈ যোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে ৷