গুৱাহাটী

২৩ নৱেম্বৰ

শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। শনিবাৰে দুপৰীয়াৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। ৰাজ্যজুৰি শোকৰ ছাঁ।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে সন্ধিয়া ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কৰ’ণা ভাইৰাছত আক্রান্ত হৈ বিগত তিনি মাহ ধৰি চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰথম অৱস্থাত কৰ’ণা যুদ্ধত জয় হৈছিল যদিও কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শাৰীৰিক অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছিল। চিকিৎসাধীন অৱস্থাতে যোৱা শনিবাৰে দুপৰীয়াৰ ভাগৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা অতিকৈ সংকটজনক হৈ পৰাত মেচনিকলে ভেন্টিলেশ্যনত ৰখা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শৰীৰৰ অংক সমূহে কাম কৰা বন্ধ কৰি দিয়াত দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বৃক্ক ৬ ঘণ্টা ধৰি চিকিৎসকে ডাইলেছিল কৰিছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৱস্থা সংকটজনক হৈ পৰাৰ পিছৰে পৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঘনাই চিকিৎসালয়ত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ থকা দেখিবলৈ পোৱা গৈছিল। অৱশেষত সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত সাংবাদিকৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগৰ বেয়া খবৰটো ৰাজহুৱা কৰে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সঘনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসাৰ দায়িত্বত থকা গুৱাহাটী চিকিৎসাৰ মহাবিদ্যালয় হস্পিতালৰ চিকিৎসকৰ দলৰ লগত যোগাযোগ স্থাপন কৰি ৰাখিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত শনিবাৰৰ পৰাই তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ শাসকীয় বিজেপি দলৰ কেইবাগৰাকী নেতাৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ নেতা সকলে চিকিৎসালয়ত উপস্থিত হোৱা পৰিলক্ষিত হৈছিল। শনিবাৰে নিশাৰ ভাগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত হৈ আবেগিক হৈ পৰিছিল এআইইউডিএফ দলৰ প্ৰধান বদৰুদ্দিন আজমল।

উল্লেখ্য যে, ধাৰাবাহিক ভাৱে ৰাজ্যখনৰ তিনিটা কাৰ্যকালৰ মূখ্যমন্ত্ৰী তৰুণ গগৈ এগৰাকী সফল ৰাজনীতিবিদ হিচাপে তিনিওটা কাৰ্যকাল সম্পূৰ্ণ কৰিছিল। মাত্ৰ দুটা নিৰ্বাচিনত পৰাজিত হৈছিল তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ তৰুণ গগৈ। ইয়াৰ বাহিৰে সাংসদ হিচাপে ছয়বাৰ আৰু বিধায়ক হিচাপে পাঁচবাৰ জয়লাভ কৰিছিল তৰুণ গগৈ। জনতাৰ নেতা হিচাপে জনাজাত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।