লক্ষীপুৰ

২২ ছেপ্টেম্বৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ গোসাঁইডুবিত মঙলবাৰে দিনজোৰা কার্যসূচীৰে উদযাপিত হয় দেশী জনগোষ্ঠীয় যুৱ ছাত্র মঞ্চ, অসমৰ প্ৰথম সংখ্যক কেন্দ্ৰীয় অধিবেশন। অধিবেশনত দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়।

অধিবেশনৰ শুভাৰম্ভনিতে দেশী জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বেখ হেদাউত উল্লাই পতাকা উত্তোলন কৰাৰ লগতে সভাপতি গৰাকীৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হয়। সভাত সভাপতি হেদাউত উল্লাই তিনিটা দাবীৰ সমৰ্থনত নৱ গঠিত যুৱ ছাত্র মঞ্চৰ কেন্দ্ৰীয় সমিতিখনে সংগ্ৰামৰ গতিধাৰা চলাই নিব বুলি মন্তব্য প্ৰকাশ কৰে। বিশেষকৈ ছেটেলাইট জৰিপৰ জৰিয়তে দেশী জনগোষ্ঠীৰ সুকিয়া অটোনমাচ কাউঞ্চিল গঠন কৰা¸ চৰকাৰে দেশী জনগোষ্ঠীৰ বাবে ঘোষনা কৰা পেকেজ ৰূপায়ন কৰা আৰু অভিবক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশী লোক নথকা গাঁও সমূহক কোচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদৰ পৰা বাহিৰত ৰখা। আনফালে চৰকাৰে দেশী জনগোষ্ঠীৰ দাবী পূৰণ নকৰিলে মানকাচৰ¸ ধুবুৰী¸ গৌৰীপুৰ¸ গোলকগঞ্জ¸ জলেশ্বৰ¸ গোৱালপাৰা পূৱ¸ উত্তৰ অভয়াপূৰী আৰু বকো সমষ্টিত ৰাজনৈতিক সমিকৰণ সলনি কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে।

ইপিনে দেশী জনগোষ্ঠী যুৱ ছাত্র মঞ্চৰ কেন্দ্ৰীয় কমিটীৰ দায়িত্বভাৰ গ্ৰহন কৰা সভাপতি ছাফি আলম আৰু সাধাৰণ সম্পাদক মোজাহাদুল ইছলামে জাতিটোৰ স্বাৰ্থত অনাগত দিনত সংগ্ৰাম চলাই যাব বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।