আব্দুল হক

নগৰবেৰা

২২ ছেপ্টেম্বৰ

চিকিৎসক, নাৰ্ছ অবিহনেই চলিছে এখন চিকিৎসালয়। এমাহে চিকিৎসক উপস্থিত নথকাত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত বৰপেটাৰ পুৱ মহচৰাৰ হাজাৰ হাজাৰ লোক। কানসাৰ নাই স্বাস্থ্য বিভাগৰ। চিকিৎসালয়ৰ সন্মুখতে ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ।

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া চৰাঞ্চলৰ পূৱ মহচৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই উদঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ। স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক ছামছুল হকৰ হেমাহি আৰু মৈমতালিৰ ফলত নূন্যতম স্বাস্থ্য সেৱাৰ পৰাও বঞ্চিত হ’ব লগীয়া হৈছে বৃহত্তৰ পূৱ মহচৰা অঞ্চলৰ হাজাৰ হাজাৰ লোক।স্বাস্থ্য কেন্দ্ৰটোত দুগৰাকীকৈ চিকিৎসক আছিল যদিও এগৰাকী চিকিৎসক বৰ্তমান কভিড ডিউটিত নিয়োজিত হৈ থকাৰ বিপৰীতে আনজন চিকিৎসক ছামছুল হক নিজৰ ইচ্ছা মতেহে আহে স্বাস্থ্য কেন্দ্ৰটোত। মাহৰ প্ৰায় ২০-২২ দিনেই চিকিৎসক গৰাকী স্বাস্থ্য কেন্দ্ৰত উপস্থিত নথকাৰ ফলত নিতৌ চিকিৎসালয়খনলৈ অহা ৰোগী সকল বিনা চিকিৎসাই ঘুৰি যাব লগা হয়। স্বাস্থ্য কেন্দ্ৰটোলৈ চিকিৎসাৰ বাবে অহা ৰোগী সকল প্ৰায়ে চিকিৎসকক বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। নিজ খেয়াল খুচি মতে স্বাস্থ্য কেন্দ্ৰটো চলাই থকা চিকিৎসক ছামছুল হকৰ নিয়মীয়া অনুপস্থিতিৰ লগতে স্বাস্থ্য কেন্দ্ৰটোত নাৰ্ছ আৰু পৰ্যাপ্ত দৰৱ কিম্বা অন্যান্য সা-সুবিধা নথকাৰ ফলত অঞ্চলটোৰ ৰাইজে সাধাৰণ চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। স্বাস্থ্য কেন্দ্ৰটো ফাৰ্মাচীষ্ট গৰাকীয়ে খুলি বহি থাকে যদিও স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক গৰাকীৰ চেম্বাৰৰ লগতে অন্যান্য কোঠাত সদায় উলমি থাকে তলা

অৱশেষত স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসকৰ উপস্থিতি নিয়মীয়াকৰণ কৰাৰ লগতে পৰ্যাপ্ত সা-সুবিধাৰ দাবীত অঞ্চলটোৰ দল-সংগঠনৰ লগতে ৰাইজ বাধ্য হ’ল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। প্ৰতিবাদকাৰী সকলে বৰপেটা স্বাস্থ্য বিভাগ হায় হায়, বৰপেটা স্বাস্থ্য বিভাগ মুৰ্দাবাদ, চিকিৎসক ছামছুল হকৰ মৈমতালি নচলিব আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে চিকিৎসক ছামছুল হকৰনবিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহন কৰি চিকিৎসালয়খনত চিকিৎসকৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে দাবী জনায়।