আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২২ ছেপ্টেম্বৰ

শিৱসাগৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ৷ বিধানসভা নিৰ্বাচনত যোগ্য প্ৰতু্ত্বৰ দিয়াৰ হুংকাৰ।

বিজেপি চৰকাৰৰ জন বিৰোধী নীতি আৰু চাহ জনগোষ্ঠীক চলাই অহা প্ৰতাৰণাৰ বিৰুদ্ধে পুণৰ উত্তাল হৈ পৰিল শিৱসাগৰ৷ চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পৰিৱৰ্তে চৰকাৰৰ নিলিপ্ততাৰ বিৰুদ্ধে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখ উত্তাল কৰি তুলিলে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই৷ চৰকাৰ বিৰোধী শ্ল’গান আৰু হাতে হাতে বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদ সাব্যস্ত কৰা সংগঠনটোৱে চৰকাৰৰ চাহ জনগোষ্ঠী বিৰোধী স্থিতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ সংগঠনটোৱে দৰিদ্ৰ চাহ শ্ৰমিক সকলে বছৰ বছৰ ধৰি সন্মুখীন হৈ অহা সমস্যা সমূহ সমাধানৰ দাবীত অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

সংগঠনটোৱে চাহ শ্ৰমিক সকলৰ দাবী সমুহ পুৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তক বিধানসভা নিৰ্বাচনত বিজেপি দলক চাহ শ্ৰমিক জনতাই যথোচিত প্ৰত্যুত্বৰ দিব বুলি হুংকাৰ প্ৰদাণ কৰে৷