নগাঁৱৰ পৰা কুন্দন ভঁৰালী, সংবাদ ৩৬৫, ৩ জুন : নগাঁও জিলাৰ জাজৰিত গাঁও সুৰক্ষা বাহিনীৰ সম্পাদকক দুজন আৰক্ষী কনিষ্টবলে মাৰপিট কৰি গুৰুত্বৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ফনী বৰা নামৰ গাঁও সুৰক্ষা বাহিনীৰ সম্পাদক জনক মঙলবাৰে নিশা আৰক্ষী কনিষ্টবলে মাৰপিত কৰি আহত কৰাৰ অভিযোগ।

নগাঁও জিলাৰ জাজৰিত আৰক্ষীৰ ওপৰতে মাৰপিত কৰি আহত কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে ফণী বৰা নামৰ গাঁও সুৰক্ষা বাহিনীৰ এজন সম্পাদকে। ফনী বৰাই জানিবলৈ দিয়া মতে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেইণ্টাইন কেন্দ্ৰত মঙলবাৰে নিশা তেওঁ ৰখি থকা অৱস্থাত আৰক্ষী কনিষ্টবল দুজনে তেওঁক মাৰপিত কৰে। কোৱাৰেইণ্টাইন কেন্দ্ৰৰ তদাৰকৰ দায়িত্বত গাওঁ সুৰক্ষা বাহিনীৰ সদস্য সকলক নিয়োগ কৰাৰ বাবে ফণী বৰাই নিশা চৰকাৰী নিৰ্দেশনা অনুসৰি নিশা কোৱাৰেইণ্টাইন কেন্দ্ৰৰ দায়িত্বত থকা সদস্য সকলক সাক্ষাৎ কৰিবলৈ আহিছিল। সেই সময়ত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেইণ্টাইন কেন্দ্ৰত থকা জাজৰী আৰক্ষী থানাৰ দুজনকৈ কনিষ্টবলে ফণী বৰাক কিয় কোৱাৰেইণ্টাইন কেন্দ্ৰৰ সন্মুখলৈ আহিছে বুলি প্ৰশ্ন সুধি বেয়া ব্যৱহাৰ কৰে। গাঁও সুৰক্ষা বাহিনীৰ সম্পাদক ফণী বৰাই আৰক্ষী কনিষ্টবল দুজনৰ বেয়া ব্যৱহাৰৰ প্ৰতিবাদ কৰাত আৰক্ষী কনিষ্টবল দুজনে তেওঁক শাৰীৰিক ভাবে আক্ৰমণ কৰে এই আক্ৰমণত ফনী বৰা গুৰুত্বৰভাৱে আহত হয়।

গাঁও সুৰক্ষা বাহিনীৰ সম্পাদক ফণী বৰা বৰ্তমান নগাঁও চহৰৰ কপিলী নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে। ফণী বৰাই তেওঁক মাৰপতি কৰা বুলি অভিযোগ উত্থাপন কৰা আৰক্ষী কনিষ্টবল দুজন হৈছে আটাউৰ ৰহমান আৰু পৰেশ শৰ্মা।