ইমৰান আলীৰ সৈতে শ্বাহনৱাজ আহমেদ

ডিব্ৰুগড়

৮ ছেপ্টেম্বৰ

ডিব্ৰুগড়ত সমগ্ৰ মানৱ জাতিক লজ্জিত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে। এগৰাকী নাবালিক কিশোৰীক নিচা জাতীয় সমগ্ৰী সেৱন কৰাই ধৰ্ষণ কৰিলে নিজ মোমায়েকে।

ডিব্ৰুগড় জিলাৰ নালিয়াপুলত ৰিকী আহমেদ নামৰ এজন লম্পটে নিজৰ ১৫ বছৰীয়া ভাগিনীয়েকক নিচা জাতীয় সামগ্ৰী সেৱন কৰাই ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে নাবালিক কিশোৰী গৰাকী মোমায়েকৰ ঘৰত থাকিবলৈ যোৱাত কিশোৰী গৰাকীক ৰিকী আহমেদে নিচা জাতীয় সমগ্রী সেৱন কৰাই কেইবাবাৰো ধৰ্ষণ কৰিছিল। আৰক্ষী সূত্ৰে জানিব পৰা মতে ৰিকী আহমেদে কিশোৰী গৰাকীক বিগত ২০ দিনধৰি ধৰ্ষণ কৰি আহিছিল। ধর্ষণকাৰী ৰিকী আহমেদে এই জঘন্য ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে এই জাঘন্য কাণ্ডৰ কথা গম পাই ডিব্ৰুগড় সদৰ আৰক্ষী চকীত ৰিকী আহমেদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰীকী আহমেদক।

ইফালে ৰিকী আহমেদে বৰ্তমানলৈকে আৰক্ষীৰ আগত ধৰ্ষণকাণ্ডৰ কথা স্বীকাৰ কৰা নাই যদিও আৰক্ষীয়ে ৰিকী আহমেদ এই জঘন্য কাণ্ড সংঘটিত কৰাৰ কিছু তথ্য লাভ কৰিছে। ৰিকী আহমেদ ডিব্ৰুগড় জিলৰ বিভিন্ন দল-সংগঠনৰ লগত জড়িত বুলি জানিব পৰা গৈছে।