সৰুপথাৰ, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ: এফালে পৰিৱর্তনৰ শ্ল’গান আৰু আনফালে ৰাজ্যত উন্নয়নৰ ফোঁপোলা স্বৰূপ । পৰিৱর্তনৰ শ্ল’গানেৰে ক্ষমতাৰ বাঘজৰী হস্তগত কৰা বিজেপি চৰকাৰখনে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনত থকাৰ পিছতো, পৰিৱর্তনকামী চৰকাৰখনৰ কাৰ্যকালতে উন্নয়ন একপ্রকাৰে স্থবিৰ হৈ পৰা বুলি অভিযোগ উত্থাপিত হৈছে চৰকাৰখনৰ বিৰুদ্ধে। তাৰে এক নিদৰ্শন দেখা গৈছে গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধান সমষ্টিৰ অন্তৰ্গত প্ৰেমহৰা গাঁও পঞ্চায়তৰ গড়গাঁও (খাৰুৱা) পৰা গেলাবিল সংযোগী পথটিৰ ওপৰত থকা লাংঠা জানৰ ওপৰৰ এখন পকা দলং অৰ্ধ নিৰ্মীত হৈ পৰি ৰৈছে বছৰ বছৰ ধৰি । উল্লেখ্য যে, বিগত কংগ্রেছ চৰকাৰৰ দিনতে দলংখনৰ কিছু কাম আৰম্ভ কৰে আৰু গাঁওবাসীয়ে জানিবলৈ দিয়া অনুসৰি সেই সময়ত আবন্টিত টকাৰে দলংখনৰ কাম সম্পূর্ণ কৰিব নোৱাৰাৰ বাবে পুণৰ আঞ্চলিক পঞ্চায়তৰ যোগদি ত্ৰয়োদশ বিত্তীয় আয়োগৰ অধীনত ৮ লাখ টকাৰ অনুমোদন লাভ কৰে । কিন্তু উক্ত টকা বিজেপি চৰকাৰ খনে আজি পযর্ন্ত মুকলাই নিদিয়াৰ বাবে ক্ষোভিত হৈ উঠিছে অঞ্চলবাসী । আনহাতে, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আচঁনিত কাম কৰা শ্ৰমিকৰ মজুৰিও বন্ধ কৰি ৰখাৰ লগতে বৰ্তমানৰ পৰিৱর্তনকামী চৰকাৰখনৰ দিনত ৰাজ্যত উন্নয়ন একপ্রকাৰে স্থবিৰ হৈ পৰা বুলিও বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে তীব্র ক্ষোভ প্ৰকাশ কৰে । এইক্ষেত্রত, সমাগত পঞ্চায়ত নির্বাচনত ভোট ভিক্ষা কৰিবলৈ অহা বিজেপি দলৰ প্ৰতিনিধি সকলে প্ৰেমহৰা পঞ্চায়তত তীব্র প্ৰত্যাহ্বানৰ সন্মুখীন হব বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে ।