শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৮ আগষ্ট: বানাক্ৰান্ত ৰাইজলৈ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত বুধবাৰে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয়। ইতিমধ্যে বানে গৰকা নৈপৰীয়া অঞ্চল সমূহত পানী শুকোৱাৰ পিছত সৃষ্টি হোৱাৰ বিভিন্ন ৰোগৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ তাই আহোম ছাত্ৰ সন্থাৰ হাঁহচৰা আঞ্চলিক সমিতি আৰু চূণপোৰা আঞ্চলিক সমিতিৰ উদ্যোগত তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ সহযোগত হাঁহচৰা মৌজাৰ চেৰেকাপাৰ পঞ্চায়তৰ অধীনৰ শিৱমন্দিৰ, শনিবৰীয়া বজাৰ, কুজিবালী ক্ৰীয়া আৰু সাংস্কৃতিক সন্থা, হাঁহচৰা পঞ্চায়তৰ অন্তৰ্গত শুকতিআলী, চূণপোৰা গোহাঁই গাঁৱৰ লগতে পাঁচটাকৈ স্থানত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ যোগান ধৰা হয়। এই বিনামূলীয়া চিকিৎসা শিৱিৰত ৰাইজক সেৱা প্ৰদান কৰে ক্ৰমে অ এন জি চিৰ চিকিৎসক অসীম খাৰঘৰীয়া, উদয় চেতিয়া আৰু মাহেলকাৰে। নিগমৰ আসাম এছচিয়েতৰ ক’অৰ্ডিনেটৰ সঞ্জীৱ বৰগোঁহায়ে বিশেষ ভাৱে সহায় আগবঢ়োৱা শিবিৰত সহযোগ কৰে আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ বিষয়া বৰ্গই।