গুৱাহাটী, সংবাদ ৩৬৫, ৩ জুনঃ দেওবাৰে পুৱা মহানগৰীৰ ৰাজপথত বিভিন্ন সংবাদ মাধ্যমৰ লগত জড়িত শতাধিক সংবাদকৰ্মীয়ে চাইকেল চলাই ৰাজ্যবাসীলৈ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে আহ্বান জনায়। বিশ্বব্যাপী প্রকৃতিৰ ওপৰত মানুহে চলোৱা বিৰূপ কৰ্মকাণ্ডৰ ফলত দিনক দিনে পৃথিৱীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে। প্ৰদূষণৰ এই মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰসংঘই ৩ জুনৰ দিনটো বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছে। ইন্ধনৰ ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণৰ পৰা পৃথিৱীখনক ৰক্ষা কৰিবলৈ ৩ জুনৰ দিনটো সকলোকে ইন্ধন চালিত বাহনৰ পৰিবৰ্তে চাইকেল ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰসংঘই। এই উদ্দেশ্যৰে প্ৰথমবাৰৰ বাবে ‘মিডিয়া পাৰ্চনচ চাইক্লিং ক্লাৱ’ৰ উদ্যোগত গুৱাহাটীত উলিওৱা হয় এই চাইকেল ৰেলী। প্ৰদূষণ নিয়ন্ত্ৰণ, ইন্ধন ৰাহিৰ সজাগতাৰ লগতে এখন সুস্থ আৰু সৱল সমাজ গঢ়াৰ লক্ষ্যৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা উলিওৱা এই চাইকেল ৰেলী চানমাৰি হৈ গনেশগুৰিৰ দিশপুৰ প্ৰেছ ক্লাৱলৈকে গৈ পুনৰ জিএছ ৰোডেৰে উলুবাৰী হৈ গুৱাহাটী ক্লাৱলৈ প্ৰেছ ক্লাৱলৈ উভতি আহে । এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, প্ৰাক্তন মিষ্টাৰ ইনিভাৰ্ছ মহাদেৱ ডেকা, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈৰ লগতে কেইবাজনো সংবাদকৰ্মী। প্ৰায় এক শতাধিক চাইকেলিষ্টে অংশগ্ৰহণ কৰা ৰেলীত উপস্থিত থাকি অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে বৰ্তমান সমগ্ৰ বিশ্বতে চাইকেলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, অসমৰ মাজুলী আৰু কাজিৰঙাত চাইকলিংৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।