নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্র ৰাজ্যতে বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যবাসীয়ে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শনিবাৰে নলবাৰী জিলাৰ বালিকৰিয়াৰ এজন ছাত্ৰই পথৰ ওপৰত গান গাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সদৌঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰতন বৰ্মন নামৰ ছাত্রজনে ধৰ্মৰ ভিত্তিত ৰাজনীতি বিৰোধিতা কৰাৰ লগতে চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন কৰি অসমীয়া ভাষা-সংস্কৃতিৰ ধ্বংস মাতি আনিব বিচৰা কাৰ্যত ক্ষোভিত হৈ পৰে। ৰতনে ঘৰৰ সম্মুখৰ পথত বহি গানৰ মাধ্যমেৰে চৰকাৰৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে ৰাজ্যখনত হ’ব পৰা সাম্ভাব্য বিপদৰ কথা ছত্ৰজনে নিজৰ গানৰ মাজেৰে প্ৰকাশ কৰে। ছাত্ৰজনৰ লগত হাৰমনিয়াম বজাই সহযোগ কৰে শিক্ষক তথা গণ শিল্পী পদ্ম হালৈয়ে। ছাত্ৰজনৰ এই পদক্ষেপক স্থানীয় ৰাইজে সঁহাৰি জনোৱাৰ লগতে স্থানীয় পুৰুষ মহিলাসকলে ছাত্ৰজনক উৎসাহ যোগায়।