বৰপেটা, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ: মঙ্গলবাৰে বৰপেটা আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই শিমলাগুৰিৰ পৰা এছ ২৬চি ২৪২৯ নম্বৰৰ চাউল ভৰ্তি ট্ৰাকখন জব্দ কৰে। চাউলখিনি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে ধুবুৰীৰ পৰা গুৱাহাটী হৈ শ্বিলং অভিমুখে ৪১০ বেগ চাউল লৈ ৰাওনা হৈ থকাৰ মুহূৰ্ততে বৰপেটা আৰক্ষীয়ে অভিযান চলায় চাউল ভৰ্তি ট্ৰাক খন জব্দ কৰি ট্ৰাক খনৰ চালক মজিদ আলি আৰু হেণ্ডিমেন ৰাজু শ্বেখক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।