মিৰ্জা, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ: মঙ্গলবাৰে দক্ষিণ কামৰূপত বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন চমুকৈ ই. পি. মিডিয়া ফৰামৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ই.পি. মিডিয়া ফ’ৰামৰ সভাপতি সাংবাদিক ৰতন কলিতাই পুৱাৰ ভাগতে ই.পি. মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ নিজস্ব ভুমিত পতাকা উত্তোলন কৰাৰ পিছত সাংবাদিক বলেন কলিতাই স্মৃতি তৰ্পন কৰে । লগতে সাংবাদিক হিতেন মালী আৰু বলেন কলিতাই বন্তি প্ৰজ্বলন কৰে । এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত স্বৰ্ণকমল বটাঁপ্ৰাপ্ত ৰীমা দাস , বিশিষ্ট চিকিৎসক ডাঃ ৰাজেন কলিতা আৰু লোকসংস্কৃতিৰ গৱেষক ড° শৈলেন দাস এই তিনি গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই ই.পি. মিডিয়া ফ’ৰামে চাউথ কামৰূপে । লগতে এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংবাদিক কিশোৰ কুমাৰ কলিতাৰ ‘কুঁকি’ নামৰ এখন গ্ৰন্থও উন্মোচন হয় । গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক মাইনী মহন্তই । এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কমলকুমাৰ বৈশ্য,বিশিষ্ট সাহিত্যতিক তথা নন্দিনীৰ সম্পাদিকা মাইনী মহন্ত,বিধায়ক প্ৰণৱ কলিতা,নেমকেয়াৰৰ সঞ্চালক ড° হিতেশ চন্দ্ৰ বৰুৱা,চক্ৰ বিষয়া সুস্বপ্না কাকতি,সমাজকৰ্মী পংকজলোচন গোস্বামীৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।