পাঠশালা, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ: সোমবাৰে নিশা প্ৰায় ৮মান বজাত পাঠশালা ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত এটি ডেৰ মহীয়া শিশু উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰামতে এজন ব্যক্তিয়ে এটা এটা ডেৰ মহীয়া শিশুক লৈ সন্দেহজনক ভাৱে ঘূৰা ফুৰা কৰি থকাত ষ্টেচনত উপস্থিত থকা একাংশ ব্যক্তিয়ে শিশুটোক ব্যক্তিজনৰ পৰা উদ্ধাৰ কৰে। আৰু শিশুটোক উদ্ধাৰ কৰাৰ পাছত পাঠশালা ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত ইভীনিং ওৱাক কৰি থকা পাঠশালাৰ এহাল প্ৰবক্তা দম্পত্তীয়ে শিশুটোক চমজি লৈ মেমৰিয়েল হস্পিতালত চিকিৎসাধীন কৰায়। শিশুটোক চিকিৎসাধীন কৰোৱাৰ পাছত পাঠশালাৰ তপোবনৰ সঞ্চালকে আহি শিশুটোৰ সমস্ত দায়িত্ব লবলৈ আহি চমজি লয়। আনহাতে এগৰাকী দিব্যাংগ ব্যক্তিয়ে শিশুটো নিজৰ বুলি দাবী কৰি পাঠশালা ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত ৰৈ থাকে। অৱশ্যে দিব্যাংগ ব্যক্তিগৰাকীৰ পত্নীয়ে অন্য এটা সন্তানসহ পাঠশালা ৰেলৱে ষ্টেচনৰ পৰা আঁতৰি যায়। সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষী উপস্থিত হৈ লোকজনক আটক কৰি থানালৈ লৈ যায়।