মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৮ জানুৱাৰীঃ বুধবাৰে নিশা চানডুবিৰ সমীপৰ উমচুৰ তিনিখুটিত বিমান দুৰ্ঘটনা হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰাত এই বাতৰি বন জুইৰ দৰে বিয়পি পৰে সমগ্ৰহ ৰাজ্যতে। দুৰ্গম অঞ্চলটোৰ ওপৰেৰে বায়ুসেনাৰ এখন বিমান উৰা মাৰি যোৱাৰ পিছত হঠাৎ এটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনাৰ পিছত স্থানীলোকসকলে সন্দেহ কৰিছিল যে অঞ্চলটোৱে কোনোবা ঠাইত বিমানখন দুৰ্ঘটনা হৈছে। স্থানীয় লোকৰ সন্দেহৰ ভিত্তিত এই অঞ্চলৰ এক দুৰ্গম ঠাইত অভিযান চলাই সেনা আৰু বায়ুসেনাই। আনহাতে বৰঝাৰ বিমান বন্দৰে সম্পুৰ্ণৰূপে নস্যাৎ কৰে এই কথা লগতে জানিব দিয়ে যে উত্তৰ-পূবৰ কোনো বিমান নিখোজ হোৱা নাই। নিশা কুঁৱলী আতৰোৱাৰ পদ্ধতিৰ বা বায়ুসেনাই চলোৱা প্ৰশিক্ষনদ বাবে হোৱা শব্দক স্থানীয় লোকে বিমান দুৰ্ঘটনা হোৱা বুলি সন্দেহ কৰা বুলি জানিবলৈ দিয়ে বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষই।