কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৭ জানুৱাৰীঃ ৰূপকোৱঁৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ৬৭ সংখ্যক মৃত্যু তিথি উপলক্ষে সমগ্ৰহ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো স্থানীয় জ্যোতি ৰাভা নজৰুল সংঘ, কলেজিয়েট ছোৱালী হাই স্কুল আৰু নতুন সাহিত্য পৰিষদে বুধবাৰে শিল্পী দিৱস উদযাপন কৰে। বুধবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন, সমৱেত জ্যোতি সংগীত, জ্যোতি নৃত্য, চিত্ৰাংকণ প্ৰতিযোগীতা কাৰ্যসুচীৰ লগতে মুকলি সভাত তিনি গৰাকী শিল্পী আৰু দুগৰাকী কৃতী শিক্ষকক বিশেষ সম্বৰ্ধনা জনোৱা হয়।