গুৱাহাটী

১৮ ফেব্ৰুৱাৰী

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড অৰ্থাৎ পূৰবী ডেইৰীয়ে দুগ্ধ উৎপাদন বৃদ্ধি আৰু পশুপালকৰ উৎপাদন ব্যয় হ্ৰাস কৰিবলৈ পশুধনৰ বাবে পৰিপূৰক ‘পূৰবী পশু পুষ্টি’ মুকলি কৰে। দুগ্ধ উৎপাদন বৃদ্ধি আৰু পশুপালকৰ উৎপাদন ব্যয় হ্ৰাস কৰাৰ এই প্ৰচেষ্টাত ‘পূৰবী পশু পুষ্টি’য়ে সহায় কৰিব। অসমত দুগ্ধ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত উৎপাদনশীলতাৰ উন্নতিসাধন এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিনাক্ত কৰা হৈছে।

পৰিকল্পিত উৎপাদনৰ অংশ হিচাপে, কামৰূপ জিলাৰ চাংসাৰিস্থিত পশুধন খাদ্য কাৰখানাত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে ক্ষেত্ৰ বিশেষ খনিজ মিশ্ৰণ আৰু বাই-পাছ প্ৰ’টিন খাদ্যৰ উৎপাদন আৰম্ভ কৰিছে। অসম চৰকাৰৰ সমবায় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কাৰখানা মুকলি কৰে। উক্ত অনুস্থানত উপস্থিত থাকে এন ডি ডি বি ৰ অধ্যক্ষ আৰু কাৰ্যবাহী পৰিচালক মিনেশ শ্বাহ, কৃষি উৎপাদন আয়োক্ত ৰাজেশ প্ৰসাদ আৰু অসম চৰকাৰৰ সমবায় বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং। উদ্বোধনী অনুষ্ঠান উপলক্ষে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ পৰিচালনা কমিটিৰ অধ্যক্ষ মিনেশ শ্বাহে উল্লেখ কৰে যে বিজ্ঞানসন্মতভাৱে খুওৱাৰ প্ৰণালী যেনে খাদ্য সন্তোলন কাৰ্যক্ৰম আৰু কৃত্ৰিম গৰ্ভধাৰণ পদ্ধতিৰ জৰিয়তে বংশবৃদ্ধি প্ৰণালীৰ বিষয়ে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে। এই প্ৰকল্পবোৰ অসম চৰকাৰে কৃষি-ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তনৰ বাবে অসম প্ৰকল্প (এপিএআৰটি)ৰ জৰিয়তে সমৰ্থন আৰু পুঁজি প্ৰদান কৰে, য’ত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড আনুষ্ঠানিক দুগ্ধ খণ্ডৰ বাবে অন্তিম ৰূপায়ণ সংস্থা (ইআইএ)। উৎপাদনক্ষমতা বৃদ্ধিৰ বাবে ক্ষেত্ৰ বিশেষ খনিজ মিশ্ৰণ প্ৰদান কৰাটো খাদ্য ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ উপাদান, বিশেষকৈ পশুৰ উৎপাদনক্ষমতা আৰু বংশবৃদ্ধিৰ বাবে।

উক্ত অনুষ্ঠানত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য আৰু অভিজ্ঞতাসম্পন্ন পশুপালক ভৰত চন্দ্ৰ কলিতাই নিজৰ অভিজ্ঞতা ব্যক্ত কৰে আৰু এই উপলক্ষে সকলো কৃষকৰ হৈ তেওঁৰ আনন্দ প্ৰকাশ কৰে, কিয়নো তেওঁলোকৰ নিজৰ সমবায়ে পুনৰ পশুখাদ্য আৰু খাদ্য পৰিপূৰক নিৰ্মাণ আৰম্ভ কৰিছে, যি পশুপালনৰ বাবে অত্যাৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ। তেওঁ লগতে দুগ্ধ সমবায়ত সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ড আৰু অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ প্ৰযুক্তিগত টিমৰ সৈতে আলোচনাৰ সময়ত এই কথা পোহৰলৈ আহে যে পশুৰ খাদ্যত থকা এটা অতি প্ৰয়োজনীয় আৰু পুষ্টিকৰ উপাদান হৈছে প্ৰ’টিন। উদ্ভাৱনী প্ৰক্ৰিয়াৰে প্ৰ’টিনৰ জৈৱ উপলব্ধতা বৃদ্ধি কৰিবৰ বাবে বাই-পাছ প্ৰ’টিন উৎপাদন প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে। বৰ্তমান পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে বাই-পাছ প্ৰ’টিনক পশুখাদ্যৰ পৰিপূৰক হিচাপে মুকলি কৰিছে। অনাগত দিনত কাৰখানাত প্ৰস্তুত কৰা যৌগিক পশুখাদ্য উৎপাদনৰ বাবে এই বাই-পাছ প্ৰ’টিন ব্যৱহাৰ কৰি বাই-পাছ প্ৰ’টিনযুক্ত যৌগিক পশুখাদ্য প্ৰস্তুত কৰা হ’ব। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড হৈছে অসমৰ শীৰ্ষস্থানীয় দুগ্ধ সমবায় আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত দ্ৰুততম বিকশিত থলুৱা দুগ্ধজাত ব্ৰেণ্ড। এফ এছ এছ আই স্বীকৃতিপ্ৰাপ্ত পূৰবী ডেইৰীক বিভিন্ন দুগ্ধ সামগ্ৰী, দৈ, মিঠা দৈ, ঘিউ, লচ্চী, পনীৰ, ক্ৰীম আদিৰ বাবে জনা যায়।

১৯৭৬ চনত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড (এনডিডিবি)ৰ ‘অপাৰেচন ফ্লাড’ কাৰ্যসূচীৰ অধীনত আৰম্ভ হোৱাৰ পিছৰ পৰাই পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে অসমৰ গাখীৰ উৎপাদক আৰু দুগ্ধজাত সামগ্ৰীৰ উপভোক্তাৰ মাজত এক সমজৈৱিক সম্পৰ্ক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। অসমৰ মৰমৰ ঘৰুৱা দুগ্ধজাত ব্ৰেণ্ড হোৱাৰ লগতে দুগ্ধ কৃষকৰ নেতৃত্বত দুগ্ধ সমবায় হোৱা পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে প্ৰতি বছৰে হাজাৰ হাজাৰ স্থানীয় কৃষকক জীৱিকা ৰক্ষা কৰাত সমৰ্থন প্ৰদান কৰিবলৈ সক্ষম হয়। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড কৃষকসকলক ১০০% প্ৰত্যক্ষ ডিজিটেল পৰিশোধ নিশ্চিত কৰে, যাৰ ফলত এক স্বচ্ছ আৰু বিশ্বাসযোগ্য প্ৰণালী হয়, আনহাতে একে সময়তে, তেওঁলোকৰ ৰাজহৰ ৭৫ শতাংশতকৈ অধিক গোপালক সদস্যসকলক ঘূৰাই দিয়ে আৰু দুগ্ধজাত কৃষকসকলৰ বছৰধৰি নিৰন্তৰ উপাৰ্জন নিশ্চিত কৰে।

বৰ্তমান, পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ দ্বাৰা পৰিচালিত আৰু ই অসমত পেস্টুৰাইজ ডীলাৰ গাখীৰ খণ্ডত বজাৰৰ নেতৃত্ব ধৰিব সক্ষম হৈছে। ইয়াৰ পৰা দৈনিক ৬৭,০০০ লিটাৰতকৈ অধিক গাখীৰ আৰু ৫০০০ লিটাৰতকৈ অধিক মূল্যৰ দুগ্ধজাত সামগ্ৰী বিক্ৰী হয়। বিশ্ব বেঙ্কৰ পুঁজিৰ সৈতে, অসম চৰকাৰৰ এপিএআৰটি প্ৰকল্পৰ অধীনত, পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে এআই সেৱা নেটৱৰ্কৰ জৰিয়তে পশুৰ উৎপাদনক্ষমতা বৃদ্ধি নিশ্চিত কৰিবলৈ পশু চিকিৎসকৰ এটা দল মোতায়েন কৰিবলৈ সক্ষম হৈছে। পশুখাদ্য আৰু খাদ্য পৰিপূৰক মুকলি কৰি, পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে কৃষকসকলক পুষ্টিকৰ আৰু স্বাস্থ্যকৰ খাদ্য পৰিপূৰক প্ৰদান নিশ্চিত কৰিবলৈ সক্ষম হ’ব। এই পদক্ষেপবোৰৰ ফলত উন্নত মানদণ্ড আৰু পৰিমাণৰ গাখীৰ উৎপাদনৰ লগতে স্থানীয় দুগ্ধজাত কৃষকসকলৰ বাবে অধিক উপাৰ্জনৰ দুৱাৰ মেল খাব যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰা “কৃষকৰ উপাৰ্জন দুগুণ কৰা” লক্ষ্যৰ দিশে এক পদক্ষেপ।