চিলাপথাৰ

২২ ফেব্ৰুৱাৰী

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ যাত্ৰাত এক নতুন মাত্রা প্রদান কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা ৩২০৪ কোটি টকা ব্যয়ৰে নির্মাণ সম্পূর্ণ হৈ উঠা অসমৰ পেট্র’লিয়াম খণ্ডৰ তিনিটা গুৰুত্বপূর্ণ প্রকল্প দেশবাসীৰ বাবে উৎসর্গ কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে কামৰূপ জিলাৰ শুৱালকুছিত স্থাপন হ’বলগীয়া এখন নতুন অভিযান্ত্রিক মহাবিদ্যালয়ৰাে আধাৰশিলা স্থাপন কৰে।

উল্লেখযােগ্য যে বঙাইগাঁও শােধনাগাৰত ২৫৮২ কোটি টকা ব্যয়ৰে মুকলি কৰা ভাৰতীয় তেল নিগমৰ ‘ইমেক্স’ প্রকল্পই শােধনাগাৰটোৰ ৰন্ধন গেছৰ উৎপাদন ক্ষমতা বছৰি ৫০ হাজাৰ মেট্রিকটনৰ পৰা ২৫৭ মেট্রিকটনলৈ, পেট্র’ল উৎপাদনৰ সামর্থ্য বছৰি ২১০ হাজাৰ মেট্রিকটনৰ পৰা ৫৩৩ মেট্রিকটনলৈ আৰু খাৰুৱা তেল শােধনৰ সামর্থ্য বছৰি ২.৩৫ মিলিয়ন মেট্রিকটনৰ পৰা ২.৭ মিলিয়ন মেট্রিকটনলৈ বৃদ্ধি কৰিব। এই পদক্ষেপে অঞ্চলটোত ৰন্ধন গেছৰ প্রায় ৩৫ শতাংশ অভাৱ দূৰ কৰাৰ লগতে বহুসংখ্যক নতুন নিয়ােজনৰ সুযােগ সৃষ্টি কৰিব। সেইদৰে, ডিব্ৰুগড় জিলাৰ মধুবনত ৪৯০ কোটি টকা ব্যয়ৰে নির্মাণ সম্পূর্ণ হৈ উঠা অইল ইণ্ডিয়া লিমিটেডৰ ‘ছেকেণ্ডাৰী টেংক ফার্ম’ প্রকল্পই প্রতিষ্ঠানটোৰ দ্বাৰা উৎপাদিত খাৰুৱা তেলৰ মজুতকৰণৰ সামর্থ্য বহুগুণে বৃদ্ধি কৰিব। আনহাতে, তিনিচুকীয়া জিলাৰ মাকুমৰ হেবেদা গাঁৱত ১৩২ কোটি টকা ব্যয়ৰে নির্মাণ সম্পূর্ণ হৈ উঠা অইল ইণ্ডিয়া লিমিটেডৰ গেছ কম্প্ৰেছৰ ষ্টেশ্যন’ প্রকল্পই তেল খাদসমূহলৈ উচ্চ চাপযুক্ত গেছৰ যােগান সুনিশ্চিত কৰি তৈল উত্তোলনত সহায় কৰিব, ফলত প্রতিষ্ঠানটোৰ খনিজ তেল খননৰ সামৰ্থ বছৰি ১৬,৫০০ মেট্রিকটন বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।

আনহাতে ৰাজ্যখনৰ উচ্চ আৰু কাৰিকৰী শিক্ষাৰ জগতত একনৱতম সংযােজন হিচাপে প্রধানমন্ত্রীয়ে শুভাৰম্ভ কৰা ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়খন ৪৪.৯৮ কোটি টকা প্রকল্প ব্যয়ৰে ২৭৬ বিঘা মাটিত নির্মাণ কৰা হৈছে। এই মহাবিদ্যালয়খন অসমৰ সপ্তমখন চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয় হিচাপে পৰিগণিত হ’ব। সেইদৰে কামৰূপ জিলাৰ শুৱালকুছিত আধাৰশিলা স্থাপন কৰা নতুন অভিযান্ত্রিক মহাবিদ্যালয়খন ৫৪.৭১ কোটি টকা প্রকল্প ব্যয়ৰে ১১৬ বিঘা মাটিত নির্মাণ কৰা হ’ব। এই উপলক্ষে চিলাপথাৰৰ পিয়াং চাপৰি-চিতলমাৰীত আয়ােজিত বিশাল জনসভাক সম্বােধন কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে অসমক আত্মনিৰ্ভৰ কৰি তােলাৰ বাবে, দেশৰ নিৰ্মাণত অসমৰ অংশগ্ৰহণৰ বাবে, দেশবাসীলৈ উৎসর্গিত কৰা আৰু আধাৰশিলা স্থাপন কৰা ইমানবােৰ উন্নয়নমূলক আঁচনিৰ বাবে ধেমাজিৰ সাৰুৱা ভূমিৰ পৰা অসমবাসী ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্রধানমন্ত্রীয়ে কয় যে উত্তৰ-পূর্বাঞ্চল এদিন ভাৰতৰ বিকাশৰ নতুন ইঞ্জিনৰূপে পৰিগণিত হ’ব বুলি তেওঁ এদিন যি কথা কৈছিল, আজি আমি সকলােৱে এয়া বাস্তৱত পৰিণত হােৱা লক্ষ্য কৰিছাে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আজিৰ পৰা আঠ দশকৰ পূর্বেই ‘জয়মতী’ ছবিৰ মাধ্যমেৰে অসমীয়া চিনেমাই যাত্ৰা আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই অঞ্চলটোৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূর্য ফণী শৰ্মাৰ দৰে কেইবাগৰাকীও মহান ব্যক্তিত্বৰ জন্ম দিছে, যিয়ে অসমৰ সংস্কৃতিৰ গৌৰৱ বৃদ্ধি কৰিছে।

বৃহৎ সম্ভাৱনাৰে পূৰ্ণ অঞ্চল হােৱা সত্ত্বেও, পূর্বৰ চৰকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটোক মাহীআইৰ চকুৰে চাইছিল বুলি আক্ষেপ কৰি তেওঁ কয় যে এই অঞ্চলটোৰ বাবে যাতায়াত-যােগাযােগ, চিকিৎসালয়, শিক্ষা প্রতিষ্ঠান, উদ্যোগ স্থাপনৰ প্ৰয়ােজনীয়তাৰ ওপৰত পূর্বৰ চৰকাৰসমুহে কোনাে গুৰুত্ব আৰােপ কৰা নাছিল। বর্তমানৰ চৰকাৰে উত্তৰ পাৰৰ উন্নয়নৰ ক্ষেত্ৰত পূর্বৰ চৰকাৰসমূহে প্রদর্শন কৰা বৈষম্য আঁতৰ কৰিছে। উত্তৰ পাৰৰ জনসাধাৰণৰ অন্যতম সপােন বগীবিল দলং আৰু ব্রডগেজ ৰেলপথ সম্পূর্ণ কৰাৰদৰে কাম বৰ্তমানৰ চৰকাৰে কৰিছে। অসমৰ অৰ্থনীতিত উত্তৰ পাৰৰ চাহ বাগিচাসমূহৰ বৃহৎ ভূমিকা আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই চাহ বাগিচাবােৰত কাম কৰা আমাৰ ভাই-ভনীসকলৰ জীৱন-ধাৰণৰ মান উন্নত কৰাও চৰকাৰৰ এক শীর্ষ প্রাথমিকতা। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ সন্তুলিত বিকাশৰ বাবে একেলগে কাম কৰি আছে আৰু ইয়াৰ মুখ্য ভিত্তি হৈছে ৰাজ্যৰ আন্তঃগাঁথনি। কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্যৰ শাসনত থকা সৰ্বানন্দ সােণােৱালৰ চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ মন্ত্ৰেৰে কাম কৰি অসমৰ দ্রুত বিকাশ সম্ভৱ কৰি তুলিছে বুলিও প্রধানমন্ত্রীয়ে কয়।

আজি অসমে তিনি হাজাৰ কোটি টকাৰাে অধিক পুঁজিৰ শক্তি আৰু শিক্ষা আন্তঃগাঁথনি প্রকল্পৰ এক বৃহৎ উপহাৰ লাভ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে এই প্রকল্পবােৰে শক্তি আৰু শিক্ষাৰ কেন্দ্র হিচাপে অঞ্চলটোৰ পৰিচয় শক্তিশালী কৰিব আৰু অসমৰ প্রতীক হিচাপে কাম কৰিব। প্রধানমন্ত্রীয়ে ভাৰতক অবিৰতভাৱে স্বাৱলম্বী কৰি তােলাৰ প্ৰয়ােজনীয়তাৰ লগতে পেট্র’লিয়াম খণ্ডৰ শক্তি আৰু ইয়াৰ ক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। তেওঁ কয় যে বিগত বছৰসমুহত ভাৰতবৰ্ষত খাৰুৱা তেলৰ শােধন ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। অসমৰ বঙাইগাঁও শােধনাগাৰৰাে সামর্থ্য এই সময়ছােৱাত যথেষ্ট বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রীয়ে লগতে কয় যে আজি আৰম্ভ কৰা গেছ ইউনিট প্রকল্পটোৱে ৰাজ্যখনত এলপিজি উৎপাদন ক্ষমতা বৃদ্ধি কৰিব আৰু অসম আৰু উত্তৰ-পূৰৰ লােকসকলৰ বাবে জীৱন সহজ কৰি তুলিব। ই এই অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে নিয়ােগৰ সুযােগাে বৃদ্ধি কৰিব বুলি তেওঁ কয়।

সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে আজিৰ দিনটো অসমৰ বাবে এক স্মৰণীয় দিন। কংগ্রেছৰ কার্যকালত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰক সম্পূর্ণরূপে অৱহেলা কৰা হৈছিল। ২০১৪ চনত নৰেন্দ্ৰ মােদীয়ে প্রধানমন্ত্ৰীৰ দায়িত্বভাৰ লােৱাৰ পিছৰে পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ বিকাশৰ বাবে যিবােৰ দৃষ্টান্তমূলক পদক্ষেপ গ্রহণ কৰিলে ইয়াৰ ফলত আজি অসমে দোপদোপে আগবাঢ়ি যাবলৈ সক্ষম হৈছাে। মুখ্যমন্ত্ৰীয়ে কয় যে বর্তমান ধেমাজি হৈ ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তলৈ প্রায় ১৭ খন ৰে’ল অহা-যােৱা কৰে। যাতায়াত-যােগাযােগৰ জৰিয়তে আমি বিকাশৰ পথত ক্ষিপ্রতাৰে আগুৱাই যাবলৈ শক্তি পাইছাে। এই শক্তিৰ অন্তৰালত আছে প্রধানমন্ত্রী নরেন্দ্র মােদী। ধেমাজিত অভিযান্ত্রিক মহাবিদ্যালয়, গােগামুখত ভাৰতীয় কৃষি গবেষণা প্রতিষ্ঠান, লখিমপুৰত মেডিকেল কলেজ স্থাপনৰ কথা উল্লেখ কৰি তেওঁ বগীবিল দলং নিৰ্মাণৰ কাম সম্পূর্ণ কৰি অসমৰ উন্নয়ন তথা ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ বিকাশৰ দিশত লােৱা পদক্ষেপৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ লগতে কয় যে প্রধানমন্ত্রীৰ সদিচ্ছাৰ বাবে অসমে বিভিন্ন ধৰণৰ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্ৰীৰ পৰা সততা, নিষ্ঠা, শ্রদ্ধা, ভক্তি, মানবপ্রেম, সকলােৱে মিলি একেলগে দৃঢ়তাৰে যাত্ৰা কৰাৰ এক শক্তিশালী আদর্শ লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রীয়ে মূল্যবােধৰ জৰিয়তে ভাৰতবৰ্ষৰ জনসাধাৰণক বিশ্বৰ বুকুত শক্তিশালী জনগণ হিচাপে প্রতিষ্ঠা কৰাৰ যি সংকল্প গ্রহণ কৰিছে ইয়াৰ ফলত আজি ভাৰতবৰ্ষই বিশ্বৰ বিভিন্ন প্রান্তৰ ৰাষ্ট্ৰসমুহৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।