ফজলুৰ ৰহমান

সোণতলী

২২ ফেব্ৰুৱাৰী

দক্ষিণ কামৰূপৰ সোণতলীত ভয়াৱহ পথ দুৰ্ঘটনা৷ ট্ৰেক্টৰৰ খুন্দাত গুৰুত্বৰভাৱে আহত এজন৷ আহত লোকজন সোণতলীৰ উত্তৰ মাহতলী গাঁৱৰ মুছলিম উদ্দিন৷

দক্ষিণ কামৰূপৰ সোণতলীত সোমবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় মুছলিম উদ্দিন নামৰ এজন লোক। জানিব পৰা মতে মুছলিম উদ্দিনে ট্ৰেক্টৰ ভাড়াত লৈ পথাৰত মাটি চহাবলৈ গৈছিল। ট্ৰেক্টৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পথাৰৰ আলিত থিয় হৈ কাম নিৰক্ষণ কৰি থকা মুছলিম উদ্দিনক খুন্দা মাৰে৷ ট্ৰেক্টৰৰ খুন্দাত গুৰুত্বৰভাৱে আহত হয় মুছলিম উদ্দিন৷

আহত মুছলিম উদ্দিনক স্থানীয় ৰাইজে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়৷ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে মুছলিম উদ্দিনৰ অৱস্থা গুৰুত্বৰ দেখি চিকিৎসকে আহত মুছলিম উদ্দিনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে ৷