গুৱাহাটী, সংবাদ ৩৬৫, ৩ জুলাইঃ মহানগৰীৰ মালিগাঁৱৰ গোশালাৰ দেৱকাটা নগৰত মঙলবাৰে এটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হয়। দেৱকাটা নগৰৰ বাসিন্দা প্ৰৱণ চৌধুৰী নামৰ এজন লোকৰ চৌহদত নাহৰফুটুকী বাঘৰ পোৱালিটো প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত নাহৰফুটুকী বাঘৰ পোৱালিটোক উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। উল্লেখ্য যে মহানগৰীৰ মালিগাঁৱৰ গোশালা অঞ্চলত ইয়াৰ পূৰ্বে কেইবাবাৰো নাহৰফুটুকী বাঘৰ লগতে পোৱালি উদ্ধাৰ হোৱা দেখিবলৈ পোৱা হৈছে। মালিগাঁৱৰ এই পাহাৰীয়া অঞ্চলটোত সঘনাই নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায়। মালিগাঁৱৰ গোশালাৰ পাহাৰীয়া অঞ্চল সমূহত মানুহে বসবাস কৰিবলৈ ধৰাত অঞ্চলটোত থকা নাহৰফুটুকী বাঘৰ বিচনস্থলী সংকুচিত হৈ পৰাত ইয়াত কেইবাবাৰো বাঘ-মানুহৰ সংঘাত সংঘটিত হৈছে। বাসস্থানৰ অভাৱ আৰু খাদ্যৰ সন্ধানত অঞ্চলটোত সঘনাই নাহৰফুটুকী বাঘ মানুহৰ বাসগৃহত প্ৰৱেশ কৰে।