গোলাঘাট, সংবাদ ৩৬৫, ৪ জুলাইঃ  শ্ৰমিকৰ দৈনিক মজুৰী বৃদ্ধিৰ বাবে বুধবাৰে গোলাঘাট জিলাৰ খুমটাই আৰু দেৰগাঁওৰ শ্ৰমিকসকল ওলাই আহিল ৰাজপথলৈ৷ ২০১৭ চনৰ ১২ ডিচেম্বৰতে শ্ৰমিকৰ পুৰণি দৈনিক মজুৰীৰ চুক্তি ম্যাদ উকলিল, যদিও বর্তমান সময়ত পুৰণি চুক্তিৰ দৰে আজিও নূন্যতম দৰমহা লাভ কৰি আহিছে চাহ শ্ৰমিকসকলে‍৷ ৰাজপথত নিজৰ প্ৰাপ্যৰ দাবী তুলি অসম চৰকাৰ গ” বেক’’, শ্লো গানেৰে উত্তাল কৰি তোলাৰ উপৰিও মুখ্য কার্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে৷ মূল্যবৃদ্ধিৰ সময়ত খোজত খোজত মিলাই বর্তমান সময়ত পৰিয়াল চলোৱাৰ অসহায় হোৱাৰ বাবেই শ শ মহিলা আৰু পুৰুষ শ্ৰমিক‍ে অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত এই প্ৰতিবাদ সাৱ্যস্ত কৰে৷ বাদুলিপাৰ চাহ বাগিচাত শ্ৰমিকসকলে নিজৰ প্ৰাপ্য লাভৰ বাবে বাগিচাখনৰ মুখ্য কার্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰে, আনহাতে খুমটাই চাহ বাগিচাৰ শ্ৰমিক সকলে এক প্ৰতিবাদী সমদল বাহিৰ কৰি নিজৰ প্ৰাপ্যৰ দাবী তোলে৷ এইদৰে গৰিয়াজান, বুটলীখোৱা, সেন্দৰীটিং আদি চাহ বাগিচাত চাহ শ্ৰমিকসকলে প্ৰতিবাদ স্যৱস্ত কৰে৷