কলগাছিয়া, সংবাদ ৩৬৫, ১৩ আগষ্ট: বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ০৩০২৯০৪ নম্বৰ বিলৰটাৰী তালুকদাৰ চুবা প্ৰাথমিক বিদ্যালয়ত সোমবাৰে দুপৰীয়া প্ৰধান শিক্ষক আহমেদ আলীক শাৰীৰিক ভাবে অপদস্ত কৰে বিদ্যালয়খনৰ ৰান্ধনীয়ে। প্ৰধান শিক্ষকজনে পুৰণি ৰান্ধনীৰ পৰিবৰ্তে নতুন ৰান্ধনীক নিয়োগ কৰি আৰু এজনী ৰান্ধনীক দৰমহা নিদিয়াৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক আহমেদ আলী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শফিকুল তালুকদাৰে বিদ্যালয়খনৰ পুৰণি ৰান্ধনী ৰানুমা খাতুনক জালিয়াতিৰে বাদ দি ৫০ হেজাৰ টকাৰ বিনিময়ত জয়নব খাতুন নামৰ নতুন ৰান্ধনী লয়। কিন্তু পুৰণি ৰান্ধনীয়েই ১৮ মাহে বিনা বেতনে কাম কৰি থকাৰ বিপৰীতে জয়নবে ঘৰত বহিয়েই দৰমহা লৈ আছিল । আনহাতে নুৰ নেহাৰ আৰু চুফীয়া খাতুন নামৰ দুজনী ৰান্ধনী আছে যদিও ইয়াৰে চুফীয়া খাতুনে দৰমহা পোৱাৰ বিপৰীতে নুৰ নাহাৰে বিনা বেতনে কাম কৰি আছিল। এই সম্পৰ্কে প্ৰধান শিক্ষকে কোনো গুৰুত্ব নিদিয়াত ৰান্ধনীৰ লগতে গাঁৱৰ মহিলাই প্ৰধান শিক্ষক আহমেদ আলীক বিদ্যালয় গৃহত আবদ্ধ কৰি সোমবাৰে শাৰীৰিক ভাবে আক্ৰমণ কৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰধান শিক্ষক গৰাকীক উদ্ধাৰ কৰে।