চিৰাঙ, সংবাদ ৩৬৫, ১৩ আগষ্ট: নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ ফোপোলা স্বৰূপ উদঙাইছে চিৰাঙ জিলাৰ বিজনীৰ এটা অতি গুৰুত্বপূৰ্ণ পথে। পথটোৰ ওপৰত জমা হৈ থকা জাৱৰ দমৰ বাবে পথটো যাতায়তৰ বাবে সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰিছে। বিজনী বজাৰৰ দোকান পোহাৰ, মানুহৰ ঘৰৰ পেলনীয়া বয় বস্তু আদি এই পথটোৰ ওপৰত পেলাই থকাৰ ফলত পথটো ডাম্পিং গ্ৰাউণ্ড সদৃশ হৈ পৰাত দুৰ্গন্ধময় পৰিবেশৰ মাজেৰে পথটোৰ ওপৰেৰে দৈনিক যাতায়ত কৰিব লগা হৈছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকল। পথটোৰ এনে অৱস্থাৰ ফলত চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে পথচাৰী সকলৰ লগতে স্থানীয় বাসিন্দা সকল। এইখিনিতে প্ৰশ্ন হয় যে দেশনৰ লগতে নিজৰ ঠাইখন স্বচ্ছ কৰি ৰখাটো অকল চৰকাৰী বিষয়া বা নেতাৰে দায়িত্ব নেকি? যেতিয়ালৈকে আমাৰ চৌপাশটো স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰৰ আমি নিজে গুৰুত্ব প্ৰদান নকৰো তেতিয়ালৈকে আমাৰ দেশখনৰ কেতিওয়া স্বচ্ছ নহয়।