ধুবুৰী, সংবাদ ৩৬৫, ১৩ আগষ্ট: বিদ্যালয়, যাক শিক্ষাৰ মন্দিৰৰ লগত তুলনা কৰা হয় , আৰু শিক্ষক শিক্ষয়ত্ৰী হ’ল তাৰ ভগবানস্বৰূপ। উচিত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে এজন ভাল সৎ মানুহ হ’বলৈ যায় সকলোৱে বিদ্যালয়লৈ । তেনেকুৱা এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু কিছুমান নীতিৰ কাৰ্যই চকু কপালত তুলিছে অভিভাৱক তথা ৰাইজৰ । এই ঘটনা ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ চৰাণ্চলৰ প্ৰাথমিক বিদ্যালয়ৰ । ইয়াৰে বাহাদুৰ কাটি এম ভি স্কুলৰ প্ৰধান শিক্ষক সাহজাহান আলীয়ে চৰকাৰী বিভাগৰ সকলো নীতি নিয়ম ভংগ কৰি গাফিলতি ভাৱে সদায় বিলাসীপাৰা বজাৰত ঘুৰা ফুৰা কৰি দৰমহা ভোগ কৰা অভিযোগ উত্থাপন কৰিছে ৰাইজে। অকল এইটোৱে নহয় বিদ্যালয় খনৰ পাঠদান আৰু মধ্যাহ্ন ভোজনৰ কোনো খবৰ নোহোৱা , বিদ্যালয়ত শিক্ষক সকলৰ অনিয়মীয়া উপস্থিতি , বিদ্যালয়ৰ তলা খোলা নোহোৱা। শিক্ষক আবুল হুছেইনৰ পুত্রই বহু দিন ধৰি অনিধিকৃতি ভাবে বিদ্যালয়ৰ পাঠদান কৰা, বিদ্যালয়ত সভা অনুষ্ঠিত নকৰাকৈ বিভাগৰ লগত গোপন বুজা বুজি কৰি নিজৰ স্বাৰ্থসিদ্ধিৰ ভাৱে এজন যুৱকক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিত্ব বনোৱা তাৰ উপৰিও বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্র দিয়াৰ নামত অবৈধ ভাৱে ধন সংগ্ৰহৰ কৰা আদি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰধান শিক্ষক সাহজাহান আলীৰ বিৰুদ্ধে উচিত তদন্ত আৰু শাস্তি মুলক বদলি কৰি অঞ্চলটোৰ শিক্ষা পৰিবেশ ঘুৰাই অনাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।