গুৱাহাটী, সংবাদ ৩৬৫, ৫ জু : বিশ্ব পৰিবেশ দিৱস উপলক্ষে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত অসমবাসী ৰাইজক একোডালকৈ গছপুলি ৰোপণৰ বাবে জনোৱা আহ্বান প্ৰতি সহাঁৰি জনাই জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গণেশগুৰিস্থিত গনেশ মন্দৰিৰ গনেশ উদ্যান খেলপথাৰকে ধৰি দিছপুৰ অঞ্চলৰ বিভিন্ন খালি ঠাইত অৰ্ধ শতাধিক গছপুলি ৰোপণ কৰাৰ লগতে শতাধিক ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে। জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্রী কৰৱী বৰশইকীয়া, সম্পাদক দিপাংকৰ মেধি, কাৰ্যকৰী সভানেত্রী হালিমা বেগম, সদস্য মিন্টু হাজৰিকা, লীনা গগৈৰ উপস্থিতত এই বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

বৃক্ষ ৰোপন ও বিতৰণ কাৰ্যসূচীত জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্রী কৰৱী বৰশইকীয়াই প্ৰকৃতিৰ সুৰক্ষাৰ বাবে সকলোকে সজাগ সচেতন হ’বলৈ আহ্বান জনাই কয় যে, বিশ্বত জলবায়ুৰ উষ্ণতা বৃদ্ধি মুলতে হ’ল প্ৰকৃতিৰ ধংসলীলা। প্ৰকৃতিৰ এই ধংসলীলা অব্যাহত থাকিলে মানৱ সমাজলৈ শীঘ্ৰে চৰম বিপৰ্য্যয় নামি আহিব। প্ৰকৃতি ধংসৰ বাবেই তথা জলবায়ুৰ উষ্ণতা বৃদ্ধি পোৱাৰ বাবে বতৰৰ তাৰতম্য সঘনাই ঘটিবলৈ লৈছে। জলবায়ুৰ উষ্ণতা হ্ৰাসৰ একমাত্র উপায় হ’ল বৃক্ষ ৰোপণ। বৃক্ষ ৰোপণে পৰিবেশ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ উপৰি মানুহক স্বাৱলম্বী কৰি তুলিব পাৰে।

জাফাৰ নেত্রীগৰাকীয়ে লগতে কয় যে, বৃক্ষ ৰোপণৰ বাবে বিশ্ব পৰিবেশ দিৱসলৈ বাট নাচাই বছৰটোত যিকোনো দিনতেই আমি সকলোৱে বৃক্ষ ৰোপণ কৰা উচিত। কিয়নো গছ থাকিলেহে মানুহ থাকিব।