গুৱাহাটী, সংবাদ ৩৬৫, ১৪ আগষ্ট: নগাঁৱৰ বিজেপি সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙলবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছ গুৱাহাটীত ৰাজেন গোহাঁইৰ প্ৰতিমূৰ্তি দাহ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ সুস্মিতা দেৱৰ নেতৃত্ব মঙলবাৰে গুৱাহাটীৰ ৰাজপথত কেইবাশ মহিলা ওলাই আহি ৰাজেন গোহাঁইৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তুলে। মহিলা কংগ্ৰেছে অতি শীঘ্ৰে ৰাজেন গোসাঁইক উচিত শাস্তি প্ৰদানৰ দাবী জনায়। ৰাজেন গোহাঁইক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰক্ষণাবেক্ষণ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি সাংসদ সুস্মিতা দেৱে ৰাজেন গোহাঁইক পদত্যাগ কৰিব লাগে বুলিও কয়। বেটী বচাও বেটী পঢ়াওৰ শ্লোগান দিয়া বিজেপিৰ নেতাৰ পৰা বেটী আৰু ঘৰৰ বোৱাৰী বচাৱহে লাগে কাৰণ বিজেপিৰ নেতাৰ ওচৰত কোনো যুৱতী, মহিলা সুৰক্ষিত নহয়। ৰাজেন গোহাঁইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নিমাত কয় বুলি প্ৰশ্ন উত্থাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজেন গোহাঁইক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। উল্লেখ্য যে নগাঁৱৰ বিজেপিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁইয়ে চাকৰিৰ প্ৰলোভন দি এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ৰাজেন গোহাঁইয়ে মহিলা গৰাকীৰ স্বামীক ফোনযোগে ভাবুকি প্ৰদান কৰাৰ বার্তালপো বিভিন্ন সংবাদ মাধ্যম যোগে ৰাজহুৱা হৈছিল।