গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মে’ : শ্ৰমিক ৰে’লত অসমৰ যাত্ৰীৰ দুর্বস্থা। দুদিন ধৰি বিহাৰত আৱদ্ধ অসম অভিমুখে যাত্রা কৰা শ্ৰমিক ৰে’ল। খোৱা পানী আৰু খাদ্য সংকটত পৰিছে অসমৰ যাত্ৰী সকল। ৰে’লখনত বহু শিশুৰ লগতে গৰ্ভৱতী মহিলা। অসম চৰকাৰক যাত্ৰী সকলৰ আহ্বান অতি শীঘ্ৰে ৰে’লখন অসমলৈ নিয়াৰ ব্যৱস্থা কৰক।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে দেশজুৰি চলি আছে চতুৰ্থ পৰ্যায়ৰ লক ডাউন। লক ডাউনৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা লোক সকলক তেওঁলোকৰ গৃহৰাজ্যলৈ ঘূৰাই পঠাবলৈ চৰকাৰে বিশেষ ৰে’ল চলাচল আৰম্ভ কৰিছে। শ্ৰমিক সকলৰ বাবেও চৰকাৰে শ্ৰমিক ৰে’ল চলাচল ব্যৱস্থা কৰিছে। ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা অসম অভিমুখে আহি থকা এখন শ্ৰমিক ৰে’লত অসমৰ যাত্ৰী সকলৰ দুর্বস্থাৰ কথা পোহৰলৈ আহিছে। ২২ তাৰিখে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা শ্ৰমিকক লৈ অসম অভিমুখে যাত্ৰা কৰা শ্ৰমিক ৰে’লখন দুদিন ধৰি বিহাৰত আৱদ্ধ হৈ আছে। বিহাৰ আহি পোৱাৰ পিছত ৰেলখনৰ ইঞ্জিন খুলি লৈ যোৱা হৈছে আৰু ইঞ্জিনবিহীন ৰে’লখনত বহু শ্ৰমিকৰ লগতে শিশু আৰু গৰ্ভৱতী মহিলাও আৱদ্ধ হৈ আছে। যাত্ৰী সকলৰ বাবে কোনো ধৰণৰ খাদ্যৰ ব্যৱস্থা নথকাৰো অভিযোগ উত্থাপিত হৈছে। খাদ্য সামগ্ৰীৰ লগতে এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবেও হাহাকাৰ কৰিব লগাত পৰিছে শ্ৰমিক ৰে’লখনত থকা অসমৰ যাত্ৰী সকল। ৰেলখনত যাত্ৰী সকলৰ বাবে খাদ্য আৰু খোৱা পানীৰ ব্যৱস্থা নথকাৰ লগতে ৰে’ল বিভাগে ৰে’লখন কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ল’ব লগীয়া কোনো ধৰণৰ ব্যৱস্থাও গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰী সকলে।

বিহাৰত আৱদ্ধ হৈ থকা শ্ৰমিক ৰে’লখনৰ অসমৰ যাত্ৰী সকলে অসম চৰকাৰক ৰে’ল বিভাগৰ যোগাযোগ কৰি অতি শীঘ্ৰে ৰে’লখন চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে কৰ’ণা ভাইৰাছত আক্রান্ত নহ’লেও, খাদ্য সংকটত যাত্ৰী সকলৰ মৃত্যু হ’ব বুলি প্ৰকাশ কৰিছে ৰেলখনত থকা অসমৰ এগৰাকী যাত্ৰীয়ে।