বাঘবৰ, সংবাদ ৩৬৫, ৩১ আগষ্ট: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত শুক্ৰবাৰে ছাত্ৰৱাসৰ ভিতৰতে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰক অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যাৰ অপচেষ্টা চলোৱা ঘটনাক লৈ এক চাঞ্চল্যৰ সৃষ্টি হয়। উল্লেখ্য যে মন্দিয়া অঞ্চলৰ ব্যক্তিগত শিক্ষানুষ্ঠান মন্দিয়া জাতীয় বিদ্যালয়ত অধ্যয়নৰত তেধৰা গাৱৰ নৱম শ্ৰেণীৰ ছাত্ৰ পিয়াৰ আলীক দিন দুপৰতে বিদ্যালয় ছাত্ৰৱাসতেই হাত ভৰি বান্ধি চোকা অস্ত্ৰৰে হত্যাৰ অপচেষ্টা চলায় অচিনাকি দুৰ্বৃত্তই । ফলত কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰ গৰাকীক ৰক্তাক্ত অৱস্থাত লগে লগে মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় । ছাত্ৰজনৰ অৱস্থা সংকটজনক বাবে বৰপেটা ফকৰ উদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত মন্দিয়া আৰক্ষীচকীত ছাত্ৰজনৰ পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছে । ইপিনে এই ঘটনাৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ কৰিছে ছাত্ৰজনৰ আত্মীয়ই । ইয়াকে লৈ এক ৰহস্যৰ সৃষ্টি হৈছে । প্ৰশ্ন হয় যে কি কাৰণত অচিনাক্ত দুবৃত্তই ছাত্ৰৱাসৰ ভিতৰতে পিয়াৰ আলীক হত্যাৰ অপচেষ্টা চলালে ? আৰক্ষীৰ সঠিক তদন্তৰ পিছত হে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।