তামুলপুৰ, সংবাদ ৩৬৫, ৫ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত শীঘ্ৰে গৃহীত কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰ এখন জনসভাত ঘোষনা কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শনিবাৰে দুপৰীয়া ১২ বজাত তামুলপুৰত বাগসা জিলা সমিতিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ গো বেক , আৰ এছ এছ হুচিয়াৰ , নৰেন্দ্ৰ মোদী গো বেক , নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিল কৰিবই লাগিব আদি শ্লোগানেৰে তামুলপুৰৰ পৰিবেশ উত্তাল কৰি তোলে ।