ছয়গাও, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: ৰাজ্যত অহা পাচ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ছয়গাৱত অগপই মঙ্গলবাৰে ৰণশিঙা বজায়। ছয়গাৱৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাকৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অগপ দলটোৱে ছয়গাও ব্লক তথা ছয়গাও জিলা পৰিষদৰ অন্তৰ্গত প্ৰাৰ্থী সকলক আগত লৈ আগন্তক পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাই । উক্ত অনুষ্ঠানত প্ৰাৰ্থী সকলক প্ৰাক্তন বিধায়ক ডা:কমলা কলিতাই শপত বাক্য পাঠ কৰোৱাই। অনুষ্ঠানত ডা: কলিতাই আগন্তক নিৰ্বাচনত অগপ দলে এশ শতাংশ সফলতা লাভ কৰিব বুলি কয় । তেও ছয়গাৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক দুৰ্নীতিৰ সম্ৰাট বুলি অভিহিত কৰি কংগ্ৰেছ দলক এইবাৰ ছয়গাও সমষ্টিত ৰাইজে এশকিনী দিব বুলি কয় । বিজেপিয়ে অসম খনক শেষ কৰাৰ পৰিকল্পনা কৰা বুলিও তেও অভিযোগ কৰে । আনহাতে ছয়গাৱৰ বিজেপি কৰ্মী সকলে দিনত বিজেপি আৰু ৰাতি ৰেকিবুদ্দিন আহমেদৰ লগত কংগ্ৰেছ কৰে বুলিও অভিযোগ কৰে । উল্লেখযোগ্য যে প্ৰায় পচিশ বছৰে অগপৰ দখলত থকা ছয়গাও ব্লকৰ ছয়গাও, চম্পকনগৰ,সাততালুক,পশ্চিম ছয়গাও, দক্ষিণ পাণ্টান গাও পঞ্চায়তৰ ভিতৰত দক্ষিণ পাণ্টানত কোনো প্ৰাৰ্থী নিদিয়াৰ বিপৰীতে গুমী বাংকাকাটা গাও পঞ্চায়ক লৈ মুঠ ছয়খন পঞ্চায়তত সভাপতি আৰু আঞ্চলিক সদস্যৰ মুঠ বাৰ গৰাকী প্ৰাৰ্থীৰ লগতে ষাঠি গৰাকী ৱাৰ্ড মেম্বাৰক প্ৰাৰ্থীত্ব দিছে । আনহাতে জিলা পৰিষদতো প্ৰাৰ্থীত্ব প্ৰদান কৰিছে দলটোৱে । আনহাতে ৰাভা হাছঙৰ অন্তৰ্গত দক্ষিণ পাণ্টান গাও পঞ্চায়ত ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিৰ লগত বুজাবুজিৰে প্ৰাৰ্থী দিয়া নহল নেকি সেই সম্পৰ্কত জানিব পৰা হোৱা নাই ।