তামুলপুৰ, সংবাদ ৩৬৫, ২১ নৱেম্বৰ: ৰাজ্যত পৃথক বড়োলেণ্ড, পৃথক কমতাপুৰ আদি দাবী চলি থকাৰ সময়তে তামুলপুৰত কলিতা ছাত্ৰ সন্থাই কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু কলিতা উন্নয়ন পৰিষদ গঠনৰ দাবীত বুধবাৰে এঘন্টীয়া ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । তামুলপুৰৰ দ্বাৰকুচিত ৰূপায়ন কৰা এই পথ অৱৰোধ কাৰ্যসূচীত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ উপ সভাপতি সমৰজ্যোতি কলিতা , সাধাৰণ সম্পাদক ভাস্কৰ কলিতা , সহকাৰী সাধাৰণ সম্পাদক অভিষেক ৰাজ কলিতা , সাংগঠনিক সম্পাদক পার্থ প্ৰতিম বৰুৱা, বাক্সা জিলাৰ কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ সভাপতি প্ৰাণজিত কলিতা , সাধাৰণ সম্পাদক ৰত্নেশ্বৰ কলিতা আদিকে ধৰি কেইবা শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে অসম চৰকাৰ গো বেঁক , আমাৰ দাবী ন্যায্য দাবী , আমাক এছ টি লাগিবই আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।