গোসাইগাঁও, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ: বিজেপি শাসিত চৰকাৰ খনে জনসাধাৰণক টুপী পিন্ধাই দৈনিক ইটোৰ পিছত সিটো বস্তুৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে। পেট্ৰল-ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ দলে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থন আৰু ৰাইজক এই বন্ধ সফল কৰি তুলিবৰ বাবে ৰাইজক সজাগ কৰিবলৈ দেওবাৰে যুৱকংগ্ৰেছৰ উদ্যোগত শ্ৰীৰামপুৰত জোঁৰ সমদল উলিওৱা হয়।যুৱ কংগ্ৰেছৰ কোকৰাঝাৰ জিলা সমিতিৰ অৰ্ধশতাধিক কৰ্মীয়ে হাতত জোঁৰ আৰু প্ৰতিবাদি শ্ল’গান সম্বলিত প্লেকাৰ্ড লৈ শ্ৰীৰামপুৰ স্হিত হাতীধুৰা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিআলি লৈ গৈ বিজেপি শাসিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি স্হানীয় নেতৃত্বই সংক্ষিপ্ত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰাই নহয় দেশৰ অৰ্থনীতি আৰু সামাজিক ব্যৱস্হাত এক অস্হিৰতাৰ সৃষ্টি কৰিছে বুলি কয় প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ বিটিএডিৰ আহ্বায়ক সমিতিৰ সমন্বয়ক ৰাজেন্দ্ৰ মুছাহাৰীয়ে।কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত ভাৰত বন্ধক পুৰ্ণ সমৰ্থন কৰিবলৈ ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছে যুৱ কংগ্ৰেছৰ কোকৰাঝাৰ জিলা কমিটীৰ সভাপতি ছহৰ আলী সৰকাৰে।